নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

6,6,6,6,6,6…. হংকং ছিক্সেছত আফ্ৰিদীৰ চমকপ্ৰদ কীৰ্তি

৬ অ’ভাৰৰ টুৰ্ণামেণ্টত কুৱেইটে দিয়া ১২৪ ৰনৰ লক্ষ্য খেদিবলৈ নামি আফ্ৰিদীয়ে কেৱল ১২টা বলত ৫৫ ৰন সংগ্ৰহ কৰে

পাকিস্তানৰ বেটছমেন আব্বাছ আফ্ৰিদীয়ে হংকং ছিক্সেছ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগিতাত কুৱেইটৰ বিৰুদ্ধে এক অনন্য কাণ্ড সংঘটিত কৰিছে। শুকুৰবাৰে অনুষ্ঠিত এখন মেচত আফ্ৰিদীয়ে এটা অ’ভাৰত ৬টা ছয় মাৰি ৰেকৰ্ড কৰে।

৬ অ’ভাৰৰ টুৰ্ণামেণ্টত কুৱেইটে দিয়া ১২৪ ৰনৰ লক্ষ্য খেদিবলৈ নামি আফ্ৰিদীয়ে কেৱল ১২টা বলত ৫৫ ৰন সংগ্ৰহ কৰে।

২৪ বছৰীয়া বেটছমেনগৰাকীয়ে ২০২৪ চনৰ জুলাই মাহত বাংলাদেশৰ বিৰুদ্ধে শেষবাৰ খেলিছিল, তাৰ পিছত তেওঁ জাতীয় দলত সুযোগ নাপায়। ইয়াৰ আগতে তেওঁ ২০২৪ চনৰ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ত অভিষেক কৰিছিল। কিন্তু কুৱেইটৰ বিৰুদ্ধে এই চমকপ্ৰদ ইনিংছে নিঃসন্দেহে পুনৰবাৰ ছিলেকচন কমিটীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আফ্ৰিদীয়ে এতিয়ালৈকে ২৪খন টি-২০ মেচত ১৩৪ ৰান সংগ্ৰহ কৰিছে, যাৰ গড় ১২.১৮ আৰু ষ্ট্ৰাইক ৰেট ১১২.৬১।

হংকং ছিক্সেছ হৈছে এটা দ্ৰুতগতিশীল, বিনোদনমূলক আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ফৰ্মেট, য’ত প্ৰত্যেক দলে ৬ অভাৰৰ মেচ খেলে। প্ৰথমবাৰ ১৯৯২ চনত অনুষ্ঠিত এই টুৰ্ণামেণ্ট ICC-ৰ অনুমোদিত। প্ৰতিটো মেচৰ সময়সীমা প্ৰায় ৪৫ মিনিট, আৰু এই ফৰ্মেটত উইকেটকীপাৰৰ বাদে প্ৰতিজন খেলুৱৈয়ে অৱশ্যে এটা অ’ভাৰ বলিং কৰিব লাগিব।

এইবাৰ টুৰ্ণামেণ্টত ৯টা দল অংশগ্ৰহণ কৰিছে, যাক তিনিটা গ্ৰুপত ভাগ কৰা হৈছে। বৰ্তমানে নক-আউট পৰ্যায় চলি আছে।

উল্লেখ্য যে ভাৰতৰ হৈ যুৱৰাজ সিঙে এক অভাৰত ছটা ছিক্স মৰাৰ অনন্য ৰেকৰ্ড স্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like