কামৰ বোজা কমাবলৈ ১০গৰাকী ৰোগীক হত্যা, জার্মানীত নার্ছক যাৱজ্জীৱন কাৰাদণ্ড
নিউজ ডেস্ক, ৮ নৱেম্বৰ : ৰোগী যিমানেই বেছি হ’ব, সিমানে কামৰ বোজা বাঢ়িব৷ সেয়েহে কামৰ বোজা কমাবলৈ জার্মানীৰ এখন চিকিৎসালয়ত এগৰাকী নার্ছে হত্যা কৰিলে ১০গৰাকী ৰোগীক৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেৱল সিমানেই নহয়, নার্ছগৰাকীয়ে চাকৰিৰ কার্যকালত প্রায় ২৭গৰাকী ৰোগীক হত্যাৰ পৰিকল্পনা কৰা বুলি তথ্য পোহৰলৈ আহিছে৷
নার্ছগৰাকীয়ে বিগত এবছৰ ধৰি জার্মানীৰ উর্ছেলেনৰ এখন চিকিৎসালয়ত কাম কৰিছিল৷ কর্মৰত অৱস্থাতে চিকিৎসালয়খনত এনে ঘৃণনীয় কাম সংঘটিত কৰিছিল নার্ছগৰাকীয়ে৷ সংবাদ সংস্থাৰ বাতৰি অনুসৰি, অভিযুক্ত নার্ছগৰাকীয়ে ২০২০ চনৰ পৰা চিকিৎসালয়খনত কাম কৰিছিল৷
আৰক্ষীৰ মতে, ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ মে’ মাহত চিকিৎসালয়খনত এজনৰ পিছত আনজন ৰোগীৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল৷ তদন্তত প্রকাশ পোৱা মতে, ৪৪ বছৰীয়া নার্ছগৰাকীয়ে নৈশ দায়িত্বত থকা অৱস্থাত কামৰ বোজা কমাবলৈ অত্যধিক মর্ফিন আৰু মৈদাজালম ব্যৱহাৰ কৰিছিল৷ ইয়াৰ ফলত ৰোগীৰ স্বাস্থ্যৰ হঠাতে অৱনতি হৈ মৃত্যু হৈছিল৷ ২০২৪ চনৰ শেষ ভাগত তদন্তৰ অন্তত নার্ছগৰাকীক গ্রেপ্তাৰ কৰা হয়৷ শেহতীয়া ৰায়দান অনুসৰি তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে৷