নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ নৱেম্বৰ : কামৰূপ জিলাৰ নগৰবেৰাত শুকুৰবাৰে সন্ধিয়া নগৰবেৰা আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে। অভিযোগ মতে, নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱস্থলীত কালি সন্ধিয়া কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক দীপক শৰ্মাই উপস্থিত হৈ সন্ত্ৰাস সৃষ্টি কৰে।
অভিযোগ অনুসৰি, উপ-আৰক্ষী অধীক্ষক দীপক শৰ্মাই ৰাস মহোৎসৱস্থলীত থকা বিভিন্ন বিপণীত প্ৰৱেশ কৰি ডাবি-ধমকি দিয়াৰ লগতে একাংশ ব্যৱসায়ীৰ পৰা তেওঁৰ ড্ৰাইভাৰৰ জৰিয়তে ধন সংগ্ৰহ কৰা, কেইবাখনো বিপণী লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে মদ বেপাৰীক ধৰি ধন লোৱাৰ অভিযোগো উত্থাপন হৈছে ।
বৃহত্তৰ অঞ্চলটোৰ ২৭খন হিন্দুপ্ৰধান গাঁৱৰ ৰাইজৰ সহযোগত যোৱা ৪ নৱেম্বৰৰ পৰা সুকলমে উদযাপিত হৈ অহা ঐতিহ্যমণ্ডিত নগৰবেৰা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সৈতে কোনো কথা নাপাতি ৰাসস্থলীত উপ-আৰক্ষী অধীক্ষক দীপক শৰ্মাই এনেদৰে সন্ত্ৰাস সৃষ্টি কৰা বিষয়টোত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে উদযাপন সমিতিৰ লগতে সৰ্বসাধাৰণ লোকে। আৰক্ষী বিষয়াগৰাকীৰ এনে অনাকাংক্ষিত কৰ্মকাণ্ডত ক্ষুব্ধ হৈ ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াৰ উপৰি কেইবাশ লোকে নগৰবেৰা আৰক্ষী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ক্ষুব্ধ লোকসকলে আৰক্ষী বিষয়া দীপক শৰ্মা মুৰ্দাবাদ, ৰাস মহোৎসৱস্থলীত আৰক্ষীৰ গুণ্ডাগিৰি নচলিব, আৰক্ষীৰ মইমতালি বন্ধ কৰক আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পাছলৈ নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ তৎপৰতাত পৰিস্থিতিৰ বিষয়ে কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া অৱগত হৈ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।