নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰ ভাৰত ভ্রমণলৈ আহিব মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প…

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : ভাৰতক অতিৰিক্ত শুল্ক আৰোপেৰে দুয়োখন দেশৰ সম্পর্কত কিছু ব্যৱধান অনাৰ পিছত এইবাৰ সুৰ সলনি হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷

এখন সংবাদ মেলত ট্রাম্পে কয়– ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় বহু পৰিমাণে হ্রাস কৰিছে৷ বন্ধু নৰেন্দ্র মোদীৰ সৈতে নিয়মীয়াকৈ কথা পাতি থকা বুলি উল্লেখ কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে অহা বছৰ ভাৰত ভ্রমণ কৰাৰ ইংগিত দিয়ে৷

অ’ভেলত সাংবাদিকৰ প্রশ্ণত ৰাষ্ট্রপতি ট্রাম্পে কয়– নৰেন্দ্র মোদী এগৰাকী আচৰিত ব্যক্তি৷ তেওঁ মই ভাৰতলৈ যোৱাটো বিচাৰে৷ অহা বছৰ ভাৰতলৈ যোৱাৰ আশা আছে৷ তেতিয়া আমি সকলো কথা পাতিম আৰু একেলগে কাম কৰিম৷

ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিব বুলি উল্লেখ কৰি ট্ৰাম্পে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰতে উন্নয়নৰ দিশে অগ্রসৰ হৈছে বুলি প্রশংসা কৰে৷ ইফালে, নতুন দিল্লীয়েও আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ প্রতি আগ্রহ প্রকাশ কৰিছে৷

You might also like