নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণৰ পৰিকল্পনা, চোৰাংচোৱাৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্ক, ৯ নৱেম্বৰ : পেহেলগাম আক্রমণৰ পিছত ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে বিমান আক্রমণেৰে এশিকনি দিয়াৰ পিছতো উচিত শিক্ষা লোৱা নাই পাকিস্তানে৷ চিৰবৈৰী দেশখনে পুনৰ জম্মু–কাশ্মীৰত আক্রমণৰ পৰিকল্পনা কৰা বুলি চোৰাংচোৱাৰ এক চাঞ্চল্যকৰ প্রতিবেদন পোহৰলৈ আহিছে৷

প্রতিবেদনত দাবী কৰা মতে, লস্কৰ–ই–তৈবা আৰু জইছ–ই–মহম্মদে কাশ্মীৰ আক্রমণৰ পৰিকল্পনা কৰিছে৷ এই আক্রমণৰ বাবে পাকিস্তান সমর্থিত উগ্রপন্থী সংগঠন দুটাই যোৱা কেইমাহমানৰ পৰা তথ্য সংগ্রহ কৰি আহিছে৷ কেৱল ইমানেই নহয়, চোৰাংচোৱাৰ প্রতিবেদনত লগতে দাবী কৰা হৈছে যে সীমান্তৰে পাকিস্তানৰ বিশেষ সেৱা গোট (এছএছজি) আৰু  আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আইএছআই)ৰ সহযোগত অনুপ্রৱেশ ঘটিছে উগ্রপন্থীৰ৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই কেৱল সীমান্ত অঞ্চলতে নহয়, জম্মু–কাশ্মীৰতো নিৰাপত্তা তীব্রতৰ কৰি তুলিছে৷

চোৰাংচোৱাৰ প্রতিবেদনৰ কথা উল্লেখ কৰি সর্বভাৰতীয় সংবাদ সংস্থাই প্রকাশ কৰা মতে, উগ্রপন্থীয়ে কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰে ড্রোনৰ সহায়ত চোৰাংচোৱাগিৰি কৰিছে৷ ড্রোনৰ জৰিয়তে নিয়ন্ত্রণ ৰেখাৰ পৰা সকলো ব্যৱধান চিনাক্ত কৰিছিল৷ বিষয়াসকলে দাবী কৰা মতে, অহা সপ্তাহত উগ্রপন্থী সংগঠন দুটাই কাশ্মীৰত আত্মঘাতী আক্রমণ সংঘটিত কৰাৰ আশংকা কৰা হৈছে৷ ইয়াৰ বাবে পাক অধিকৃত কাশ্মীৰত নতুন সীমান্ত কার্য দল (বিএটি) মোতায়েন কৰা হৈছে৷ এই পদক্ষেপ মূলতঃ উগ্রপন্থীৰ সহায়ৰ বাবে কৰিছে বুলি চোৰাংচোৱা বিষয়াসকলে দাবী কৰিছে৷

উগ্রপন্থীসকলে অপাৰেচন সিন্দূৰৰ ভয়াৱহতাক পাহৰি পুনৰ বৃহৎ আক্রমণৰ পৰিকল্পনা কৰিছে৷ এই লৈ ছেপ্টেম্বৰ মাহত চোৰাংচোৱা সংস্থা আইএছআইৰ উপস্থিতিত পাকিস্তানত এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছতে পাকিস্তান সমর্থিত উগ্রপন্থী সংগঠনসমূহে এনে আক্রমণৰ ষড়যন্ত্র ৰচনা কৰিছিল৷

উল্লেখ্য যে ২২ এপ্রিলত কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত ২৬গৰাকী ভাৰতীয় পর্যটক নিহত হৈছিল৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই পাকিস্তানক উপযুক্ত প্রত্যুত্তৰ দিছিল৷ অপাৰেচন সিন্দূৰৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভূ–ভাগত কেইবাটাও সন্ত্রাসবাদীৰ গোপন ঘাটি ধ্বংস কৰে৷

You might also like