অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২–১ত শৃংখলা দখল টীম ইণ্ডিয়াৰ, বৰষুণৰ বাবে বাতিল পঞ্চম টি–২০
নিউজ ডেস্ক, ৯ নৱেম্বৰ : অষ্ট্রেলিয়াত সাধাৰণতে ইংলেণ্ডৰ নিচিনাকৈ ক্ষণে ক্ষণে বৰষুণ নহয়৷ কিন্তু এইবাৰ সেই পৰিৱেশ দেখা গ’ল৷ বৰষুণৰ লগতে আহিল বজ্র বিদ্যুৎ৷ যাৰ বাবে গাব্বাত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টি–২০ মেচ বাতিল কৰিবলগীয়া হয়৷ ফলত ৫খন মেচৰ টি–২০ শৃংখলা ২–১ ব্যৱধানত দখল কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে এদিনীয়া শৃংখলাত পৰাজয়ৰ মধুৰ প্রতিশোধ ল’লে টীম ইণ্ডিয়াই৷
শৃংখলাৰ প্রথমখন মেচো বৰষুণৰ বাবে বাতিল হৈছিল৷ অৱশ্যে কালি ব্রিজবেনত নির্ধাৰিত সময়তে আৰম্ভ হৈছিল মেচ৷ কালিও টছত পৰাজিত হৈছিল ভাৰত৷ অষ্ট্রেলিয়াই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল৷ ভাৰতীয় দলত তিলক বার্মাক জিৰণি দি দলভুক্ত কৰা হৈছিল ৰিংকু সিঙক৷ প্রথমে বেটিং কৰিবলৈ নামি দুর্দান্ত আৰম্ভণি ঘটাইছিল ভাৰতে৷ বৰষুণৰ বাবে খেল বন্ধ হোৱাৰ সময়ত ৪ অভাৰত ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ ভাৰতে ৫২ ৰান কৰিছিল৷ সেই সময়তে বেয়া বতৰৰ বাবে খেল বন্ধ কৰিব লগা হৈছিল৷
প্রতিযোগিতাখনৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে অভিষেক শর্মাই৷ কালি টি–২০ কেৰিয়াৰত ১০০০ ৰান সম্পূর্ণ কৰে অভিষেক শর্মাই৷ মাত্র ২৮টা ইনিংছ খেলি তেওঁ এই কৃতিত্ব অর্জন কৰে৷
উল্লেখ্য যে ক্ৰিকেট বিশ্বত ভাৰতীয় ক্ৰিকেটৰ দপদপনি অব্যাহত আছে। শেহতীয়াকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশ্বকাপ জয় কৰি ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হৈছে। ভাৰতীয় মহিলা দলৰ বিশ্বকাপ জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে ২-১ত শৃংখলা দখল কৰি এই ধাৰা অব্যাহত ৰাখে ভাৰতীয় দলটোৱে।