🔹 আজি গুৱাহাটীৰ আকাশ কঁপিব ছুখয়–ৰাফেল–তেজছ যুদ্ধবিমানৰ পৰাক্রমত
ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : ভাৰতীয় বায়ুসেনাৰ পৰাক্রমেৰে প্রতিধ্বনিত হ’ব মহানগৰী গুৱাহাটীৰ আকাশ মণ্ডল৷ বুঢ়ালুইতৰ বুকু উত্তাল কৰি আকাশৰ নীলা বিদীর্ণ কৰি প্রচণ্ড শব্দৰে ৰাফেল–তেজছ–ছুখয়ৰ দৰে অত্যাধুনিক যুদ্ধ বিমানে আজি কঁপাই তুলিব গুৱাহাটী৷ মাজতে মাথোঁ কেইটামান ক্ষণহে বাকী৷ অৱশ্যে যুদ্ধৰ কুচকাৱাজ এয়া নহয়৷
আজি লাচিতঘাটত ভাৰতীয় বায়ুসেনাৰ ৯৩সংখ্যক বায়ুসেনা দিৱস উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত হ’ব বিশেষ এয়াৰ শ্ব’৷ ইয়াৰ অংশস্বৰূপে ভাৰতীয় বায়ুসেনাৰ কেইবাখনো যুদ্ধবিমানে সম্পূর্ণ কৰিলে আখৰা৷ উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ এমআই–১৭, তেজছ, এপাছে, এএলএইচএমকে–১, ডিঅ’–২২৮, চি–২৯৫, চি–১৩০, এএন–৩২, হ’ক, জাগুৱাৰ, হার্ভার্ড, ৰাফেল আদিকে ধৰি ৭৫খনতকৈ অধিক বিমানে আজি এয়াৰ শ্ব’ত উৰণ প্রদর্শনত অংশগ্রহণ কৰিব৷ বিগত কেইবাদিনো ধৰি মহানগৰী কঁপাই বায়ুসেনা বাহিনীয়ে আখৰা কৰাৰ পাছতে কালি চূড়ান্ত আখৰা প্রদর্শন কৰে৷ কালি দিনৰ ১২ বজাৰ পৰা লাচিতঘাটৰ আকাশত অনুষ্ঠিত চূড়ান্ত আখৰা স্বচক্ষে প্রত্যক্ষ কৰিবলৈ অগণন লোকৰ সমাগম হয়৷ আকাশমার্গত বিভিন্ন বিমানে আখৰা কৰাৰ সমান্তৰালকৈ লাচিতঘাটৰ অস্থায়ী চৌহদত বায়ুসেনা বাহিনীৰ জোৱানসকলেও আকর্ষণীয় পেৰেড অনুষ্ঠিত কৰে৷ একপ্রকাৰ ক’বলৈ গ’লে কালি দিনৰ ১২ বজাৰ পৰাই মহানগৰীৰ আকাশ বিদীর্ণ কৰি যুদ্ধবিমানৰ প্রচণ্ড শব্দই উত্তাল কৰি ৰাখে৷
আজি দিনৰ ১২ বজাৰ পৰা বিশেষ এয়াৰ শ্ব’ আৰম্ভ হ’ব৷ অত্যাধুনিক বিমানসমূহে বাগডোগ্রা, হাছিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু চাবুৱা বিমানঘাটিৰ পৰা উৰা মাৰিব৷ অকল আকাশমার্গত দৃষ্টিনন্দন উৰণশৈলীয়ে নহয়, বায়ুসেনা দিৱসৰ দিনটোতে আজি কিংবদন্তি অসমীয়া শিল্পী জুবিন গার্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই প্রিয় শিল্পীগৰাকীৰ ‘মায়াবিনী’ৰে এয়াৰ শ্ব’টো আকর্ষণীয় কৰি তুলি বায়ুসেনাই শ্রদ্ধাও জ্ঞাপন কৰিব৷ ৰাজ্যৰ নতুন প্রজন্মক দেশৰ প্রতিৰক্ষা খণ্ডৰ প্রতি আকর্ষিত কৰি তোলাৰ লক্ষ্যৰে এইবাৰ ভাৰতীয় বায়ুসেনাই এই পদক্ষেপ গ্রহণ কৰিছে৷
লুইতৰ বুকু উত্তাল কৰি মহাবীৰ লাচিতৰ প্রতিমূর্তিৰ ওপৰেদি ভাৰতীয় বায়ুসেনাৰ তেজছ–ৰাফেলকে ধৰি যুদ্ধবিমানসমূহে সেনা বাহিনীৰ শৌর্য–বীর্যক আকাশমার্গত প্রতিধ্বনিত কৰি তুলিব৷ ইফালে, বায়ু সেনা বাহিনীৰ এয়াৰ শ্ব’ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে উপস্থিত থকাৰ কথা আছিল যদিও তেওঁৰ গুৱাহাটী ভ্রমণসূচী বাতিল হৈছে৷