নিয়মীয়া বাৰ্তা, গেলেকী, ৯ নৱেম্বৰ : “ভাওনাই মানুহক আধ্যাত্মিক আৰু সদাচাৰী হ’বলৈ শিকায়, ভাওনাই মানুহক নীতি শিক্ষা দিয়ে ৷”- শিৱসাগৰ জিলাৰ বাকচুত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰীকৃষ্ণ ৰাসলীলা উদ্বোধন কৰি আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে এনেদৰে কয় ৷
উদ্বোধনী ভাষণত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈ থকা আধ্যাত্মিক চেতনা তথা তাত্ত্বিক দৰ্শন আৰু সংহতি, সমন্বয় সন্দৰ্ভত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে৷ ভাওনাৰ গীত, মাত, নৃত্য, অভিনয় আদি সন্দৰ্ভতো আলোকপাত কৰি তেওঁ মনোগ্ৰাহী বক্তব্য আগবঢ়ায় ৷
উল্লেখযোগ্য যে ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ভাওনা দলটিৰ উদ্যোগত, বৃহত্তৰ বাকচুবাসী ৰাইজৰ আতিথ্যত, বেতবাৰী, শিলাকুটি, হাঁহচৰা আৰু বকতা মৌজাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত সদৌ অসম ভাওনা সমাৰোহ আৰু কৃষ্ণ ৰাসলীলা উদ্দেশ্যে পুৱাৰে পৰা বাকচু সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত চাৰিওটা মৌজাৰ সহস্ৰ লোকৰ উপস্থিতিয়ে অঞ্চলটোত অনন্য আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে ৷ এক আড়ম্বৰপূৰ্ণ পৰিৱেশত খোল-তাল-শংখ-ডবাৰ শব্দ আৰু হৰিধ্বনিৰ মাজেৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন দত্তই পতাকা উত্তোলন কৰি এই আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ পাতনি মেলে ৷
আনহাতে, পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ শইকীয়াই। সমান্তৰালভাৱে স্থানীয় ২৪গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৪খন পতাকা উত্তোলন কৰা হয় ৷ অনুষ্ঠানত স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ বৰা আৰু পৰেশ মহন্তই ৷ গছপুলি ৰোপণ কৰে স্থানীয় পাঁচখন সত্ৰৰ প্ৰতিনিধিয়ে ৷ মুখ্য তোৰণ উন্মোচন কৰে হাঁহচৰাৰ খাটপাৰ সত্ৰৰ অধিকাৰ, বিশিষ্ট মুখাশিল্পী তথা পদ্মশ্ৰী সন্মানপ্ৰাপক ৰেৱকান্ত মহন্তই ৷ সমাৰোহৰ উদ্দেশ্যে উলিওৱা বৰ্ণিল ধর্মীয় আৰু সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট সাংবাদিক এনামউদ্দিন আহমেদে৷