নিয়মীয়া বাৰ্তা, তিতাবৰ, ৯ নৱেম্বৰ : তিতাবৰৰ শিখিলাবাৰী গাঁৱৰ এগৰাকী ছাত্ৰী তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাক লৈ আজি তিতাবৰ আৰক্ষী থানা চৌহদত ক্ষুব্ধ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কেইবাশ লোকে তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে।
উল্লেখ্য যে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী বিপ্লৱী দাস যোৱা ৭ নৱেম্বৰত কলেজলৈ আহি থকা অৱস্থাতে ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়। ছাত্ৰীগৰাকীয়ে মাতৃক কলেজত প্ৰেক্টিকেলৰ বহী জমা দিয়াৰ পিছত বৰ্তাকৰ ঘৰলৈ যাব বুলি অৱগত কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু পিছত ছাত্ৰীগৰাকীৰ কোনো সন্ধান নাপাই পৰিয়ালৰ মাজত হাহাকাৰ লাগে। উপায়হীন পৰিয়ালে আৰক্ষীৰ সহায় বিচাৰি তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজিপৰ্যন্ত আৰক্ষীয়ে বিপ্লৱী দাসৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
ইফালে, ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত তিতাবৰ আৰক্ষীয়ে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজনক আটক কৰা বুলিও জানিব পৰা গৈছে। নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমক কয় যে আজি ৭২ ঘণ্টা পাৰ হোৱাৰ পিছতো আৰক্ষীয়ে তেওঁৰ কন্যাৰ সন্ধান উলিয়াব পৰা নাই। আৰক্ষীয়ে অকল হ’ব, হ’ব, চিন্তা নকৰিব বুলিহে কৈ আছে। সেয়ে কন্যাৰ সন্ধান উলিওৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাইছে মাতৃগৰাকীয়ে।