নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা কোভিড-১৯ৰ পৰীক্ষা বৰপেটা মেডিকেল কলেজতো সম্পন্ন হ’ব

নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ এতিয়াৰে পৰা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতলতো কোভিড-১৯ৰ পৰীক্ষাৰ বাবে স্বীকৃতি দিয়া হৈছে। আজি এই স্বীকৃতি প্ৰদান কৰিছে ভাৰতীয় ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে। যাৰ ফলত অসমত এতিয়া কোভিড-১৯ পৰীক্ষা কৰা পৰীক্ষাগাৰ পাঁচটালৈ বৃদ্ধি পালে। অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা জানিবলৈ দিছে।

You might also like