বিশেষ বাৰ্তা, মাজুলী, ১১ নৱেম্বৰ : ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়লৈ প্ৰায় ছয় বিঘা মাটি দান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰা মাজুলীৰ দৰিয়া গাঁৱৰ ধৰ্মপ্ৰাণ মহিলা, সমাজকৰ্মী প্ৰয়াত জীৱেশ্বৰ বৰুৱাৰ সহধৰ্মিণী, অঞ্চলটোৰ এগৰাকী সৰবৰহী মহিলা সোণমাই বৰুৱাই কালি সন্ধিয়া ৭.৩০ বজাত ইহলীলা সম্বৰণ কৰে। শেহতীয়াকৈ কিছুদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কাৰণত শাৰীৰিক অসুস্থতাত ভুগি আছিল।
স্বামী প্ৰয়াত জীৱেশ্বৰ বৰুৱাৰ পৱিত্ৰ স্মৃতিত সোণমাই বৰুৱাই মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ সম্প্ৰসাৰণৰ বাবে মহাবিদ্যালয়ৰ সীমাতে লাগি থকা প্ৰায় ছবিঘা মাটি মহাবিদ্যালয়খনলৈ দান দিছিল। বৃহত্তৰ দৰিয়া অঞ্চলৰে এগৰাকী আদৰ্শৱান মহিলা সোণমাই বৰুৱাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ বাসগৃহত বহুসংখ্যক গুণমুগ্ধৰ সমাগম হয়। মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে তেওঁৰ নশ্বৰ দেহত আনুষ্ঠানিকভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিজ বক্তব্যত অধ্যক্ষ ড০ শইকীয়াই কয়- “সোণমাই বৰুৱাই নিজৰ সোণতলী হেন ছবিঘা মাটি দান কৰি মাজুলী মহাবিদ্যালয়ৰ কিমান উপকাৰ সাধিলে, তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।”
সোণমাই বৰুৱাৰ বিয়োগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি, সদৌ মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰিয়া গাঁও উন্নয়ন সমিতি, যুৱ সমন্বয় কৃষ্টি সংঘ, দৰিয়া গাঁও যুৱক সংঘ, মাজুলী মিলন সংঘ, কমলাবাৰী একাডেমী স্কুল, মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনী, মাজুলী জিলা কোচ ৰাজবংশী সন্মিলনী, দৰিয়া উত্তৰ কমলাবাৰী উচ্চ বুনিয়াদী বিদ্যালয়, ১নং কমলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়, মাজুলী মহাবিদ্যালয় ছাত্ৰ একতা সভা আদিৰ প্ৰতিনিধিবৰ্গ উপস্থিত হৈ সোণমাই বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।