নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত USTM-ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত, PGতে জীৱন শেষ কৰিলে মিৰ্জুমাই

মিৰ্জুমা পাৰবীন USTM (University of Science and Technology, Meghalaya)ৰ BAMLT শাখাৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাত বুলি জানিব পৰা গৈছে।

পুনৰ মহানগৰীত আত্মহত্যাৰ ঘটনাত সৃষ্টি হৈছে চাঞ্চল্য। খানাপাৰাৰ ফাৰ্ম গেটৰ সমন্বয় পথৰ “Green Meadows” নামৰ এটা পি.জি.ত সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা।

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ২২ বছৰীয়া মিৰ্জুমা পাৰবীন নামৰ ছাত্ৰী এগৰাকীৰ মৃতদেহ।

সূত্ৰৰ পৰা জানিব পৰা মতে, মিৰ্জুমা পাৰবীন USTM (University of Science and Technology, Meghalaya)ৰ BAMLT শাখাৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাত বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱা লগে লগে দিছপুৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আত্মহত্যাৰ কাৰণ এতিয়ালৈকে উদ্ঘাটন নহ’লেও, আৰক্ষীয়ে সন্দেহজনক পৰিস্থিতিৰ সমস্ত দিশ পৰ্যালোচনা কৰি মৃতদেহটো মৰ্গত প্ৰেৰণ কৰিছে।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like