চৰাইদেউত মহামাৰীৰ ৰূপত ছোৱাইন ফিভাৰ : নিষিদ্ধ কৰিলে গাহৰিৰ বিক্ৰী
চৰাইদেউ জিলাত ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ছোৱাইন ফিভাৰ (গাহৰি জ্বৰ) ৰোগে। জিলাখনৰ অন্তৰ্গত সোণাৰি, সাপেখাতী আৰু মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইৰ বিগত কেইদিনত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হোৱাত গাহৰি পালকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি চৰাইদেউ জিলাৰ পশুপালন বিভাগৰ এটা বৃহৎ দল সোণাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বেঙেনাবাৰীৰ কাষৰ টিয়কহাবি গাঁৱত উপস্থিত হৈ মুক্তি বসুমতাৰী নামৰ গাহৰি পালকজনৰ ফাৰ্মৰ আটাইকেইটা গাহৰি বিভাগীয় SOP মতে নিধন কৰে।
জিলাখনত ছোৱাইন ফিভাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি মাংসৰ বিক্ৰী লগতে এই সংক্ৰান্তত আন কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে। চৰাইদেউ জিলাৰ অন্তৰ্গত সকলো অঞ্চলত ছোৱাইন ফিভাৰ ৰোধৰ বাবে আজি এই ঘোষণা জাৰি কৰিছে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তগৰাকীয়ে জাৰি কৰা নিষেধাজ্ঞা অনুযায়ী- জীয়াই থকা গাহৰিসমুহ/গাহৰিৰ সামগ্ৰী/গাহৰিৰ মাংস পৰিবহণ নিষিদ্ধ, গাহৰিৰ মাংস আৰু গাহৰিৰ সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ, গাহৰিৰ যিকোনো মৃত্যু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰি সকলো জৈৱ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ পুতি থব লাগিব, গাহৰিৰ উৎপাদক/ প্ৰজ্বননকাৰীয়ে কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা বজাই ৰাখিব লাগিব যাতে নতুন পকেটত কোনো ধৰণৰ ৰোগ বিয়পি নাযায়, গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহন পশু চিকিৎসা বিভাগৰ পূৰ্ব অনুমতি সাপেক্ষে কৰিব লাগিব, এই আদেশ তাৎক্ষণিক ভাৱে কাৰ্যকৰী হব আৰু পৰবৰ্তী আদেশ পৰ্যন্ত বাহাল থাকিব।, এই আদেশ উলংঘা কৰিলে বিএন এছ এছৰ ২২৩ ধাৰাত শাস্তি প্ৰদান কৰা হব।
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ