নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIA-ক অৰ্পণ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ ফলত ঘটনাটোৰ তদন্তই এক নতুন দিশ পাব বুলি অনুমান কৰা হৈছে

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত। সূত্ৰমতে, দিল্লী বিস্ফোৰণ ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ দায়িত্ব এতিয়া NIA (National Investigation Agency)ক অৰ্পণ কৰা হৈছে।

NIA-ই এতিয়া ঘটনাটোৰ মূল সূত্ৰত পোৱা তথ্যসমূহৰ ভিত্তিত সম্পূৰ্ণ দিশেৰে তদন্ত চলাব, আৰু বিস্ফোৰণৰ পিছত লুকাই থকা ষড়যন্ত্ৰৰ গহীনলৈ যাব বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ ফলত ঘটনাটোৰ তদন্তই এক নতুন দিশ পাব বুলি অনুমান কৰা হৈছে।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like