আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১২ নৱেম্বৰ)
আজিৰ দিনটোৰ ৰাশিফল আজি ১২ নৱেম্বৰ, কাতি মাহৰ ২৫ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ অষ্টমী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই
আজিৰ দিনটোৰ ৰাশিফল
আজি ১২ নৱেম্বৰ, কাতি মাহৰ ২৫ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণ অষ্টমী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই
মেষ : বিদ্যার্থীৰ অনুকূল৷ মনত বল ৰাখক৷ ঘৰুৱা সমস্যা শাম কাটিব৷ আর্থিকত মধ্যম বুলি ক’ব পৰা যায়৷ প্রেমত মধ্যম৷
বৃষ : যান–বাহন চলোৱাত সাৱধান থাকিব৷ খাদ্য–দ্রব্যৰ ব্যৱসায়ত ভাল দেখা যায়৷ প্রেমত মোটামুটি৷
মিথুন : নিবনুৱাৰ ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ চাকৰিয়ালৰ মজলীয়া৷ দাম্পত্য ভালেই বুলি ক’ব পাৰি৷ প্রেমত শুভ৷
কর্কট : শৰীৰ–স্বাস্থ্য একপ্রকাৰ ভাল দেখা নাযায়৷ দূৰ ভ্রমণ হ’ব পাৰে৷ ঘৰুৱাত শান্তি৷ প্রেমত অশুভ৷ শুভ ৰং হালধীয়া৷
সিংহ : কর্মক্ষেত্রত ভাল, তথাপি নিজৰ ভাবমূর্তি অম্লান ৰাখিবলৈ চেষ্টা কৰক৷ ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব৷
কন্যা : আর্থিকত সফলতা দেখা যায়৷ দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ ৰাজনীতিবিদৰ ব্যস্ততা বৃদ্ধি৷ প্রেমত শান্তি৷
তুলা : সন্তানৰ স্বাস্থ্য ভালেই দেখা যায়৷ চুটি ভ্রমণ হ’ব পাৰে৷ ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে৷ প্রেমত চিন্তা৷
বৃশ্চিক : ভাতৃৰ কর্মসূত্রে দূৰ স্থান গমন৷ প্রেমত বিয়া–বাৰুৰ কথা আগবাঢ়িব৷ মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়৷ বিদ্যাত অমনযোগিতা৷
ধনু : সামাজিক কর্মতৰুসকলে সতর্ক থাকক৷ কাৰণ দুষ্ট লোকৰ চক্রান্তই কর্মত বাধা দিব৷ সন্তানৰ হানি কৰিব পাৰে৷ বিদ্যাত শুভ৷
মকৰ : পতি–পত্নীৰ মাজত বিচ্ছেদ৷ দিনটো সাৱধানে পাৰ কৰিব৷ কর্মক্ষেত্রত সাৱধান৷
কুম্ভ : ব্যৱসায়ীসকলে সাৱধান হোৱা ভাল৷ আর্থিকত ভাল দেখা নাযায়৷ ঘৰুৱা সমস্যা দেখা দিব৷ শুভ ৰং বগা৷
মীন : পিতৃৰ শুভ৷ প্রেমত শুভ যদিও সাৱধান৷ চাকৰিয়ালৰ মজলীয়া৷ শৰীৰৰ যত্ন লওক৷ বিদ্যাত শুভ৷