নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিউবা-ৰ ৰাষ্ট্ৰপতিৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বিপাক্ষিক বৈঠক

কিউবাত হাৰিকেন ‘মেলিছা’ৰ ধ্বংসৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি ভাৰত চৰকাৰে প্ৰেৰণ কৰা সাহায্য সামগ্ৰী মাৰ্ঘেৰিটাই আনুষ্ঠানিকভাৱে অৰ্পণ কৰে

সোমবাৰে কিউবাৰ ৰাজধানী হাভানাত দেশখনৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কানেলৰ সৈতে বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক সুদীৰ্ঘ দ্বিপাক্ষিক বৈঠকত অংশ লয়।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই কিউবাৰ দুগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু ছগৰাকী বিভিন্ন দপ্তৰৰ মন্ত্ৰীৰ সৈতে এলানি আলোচনাত অংশগ্ৰহণ কৰে। বৈঠকৰ সময়ত দুই দেশৰ মাজত আর্থিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে মতবিনিময় হয়।

সেই লগতে, কিউবাত হাৰিকেন ‘মেলিছা’ৰ ধ্বংসৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি ভাৰত চৰকাৰে প্ৰেৰণ কৰা সাহায্য সামগ্ৰী মাৰ্ঘেৰিটাই আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

এই ভ্ৰমণেৰে ভাৰত আৰু কিউবাৰ মাজৰ দ্বিপাক্ষিক বন্ধন আৰু ঐক্যৰ সম্পর্ক অধিক দৃঢ় হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like