ৰৈ ৰৈ বিনালে আপলোড, ক্ৰাইম ব্ৰাঞ্চৰ জালত ৰফিকুল
এনে পাইৰেচী অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ আঘাত
অসমীয়া চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে’ অনলাইন মাধ্যমত অবৈধভাৱে আপলোড কৰি ভাইৰেল কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। গ্ৰেপ্তাৰ হোৱা যুৱকজন হ’ল গোৱালপাৰাৰ বাসিন্দা ৰফিকুল ইছলাম।
সূত্ৰমতে, যুৱকজনে লক্ষীপুৰৰ পৰা ইউটিউব চেনেলৰ জৰিয়তে সম্পূৰ্ণ ছবিখন আপলোড কৰিছিল, যাৰ ফলত চলচিত্ৰখন খুব দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
পাইৰেচীৰ অপৰাধৰ ফলত ক্ৰাইম ব্ৰাঞ্চে ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চলচ্চিত্ৰখনৰ সংশ্লিষ্ট মহলে এই ঘটনাৰ তীব্ৰ নিন্দা জনাই কয়— “এনে পাইৰেচী অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ আঘাত।”
আৰক্ষীৰ পক্ষৰ পৰা জনোৱা হৈছে যে পাইৰেচী বা কপিৰাইট উলংঘনমূলক কাৰ্যত জড়িত যিকোনো ব্যক্তিক কঠোৰভাৱে দণ্ডিত কৰা হ’ব।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ