ক’ৰোণা সংকটঃ মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ী হ্ৰাসৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা,৩০ মাৰ্চঃ বিশ্বব্যাপী ক’ৰোণা ভাইৰাছৰ আতংক। দেশত লক ডাউন। অসমত এই পৰ্যন্ত এজনো লোক আক্ৰান্ত হোৱা নাই যদিও চৰকাৰে বিশেষ পদক্ষেপ অৱলম্বন কৰিছে। এনে সংকটৰ সময়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশনা। প্ৰতিখন জিলা উপায়ুক্তলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ। মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ী হ্ৰাসৰ কৰাৰ লগতে নিৰাপত্তাৰ নামত অধিক গুৰুত্ব নিদি সংকটৰ সময়ত ৰাইজৰ কাষত থাকিবলৈ প্ৰশাসনক নিৰ্দেশ জাৰি কৰিলে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।