৩ গগৈৰ ৰাজনীতি যদি তলে-তলে, আমাৰ ৰাজনীতি ওপৰে-ওপৰে
ড০ শৰ্মাৰ এই মন্তব্যই নিৰ্বাচনপূৰ্ব ৰাজনৈতিক দিশত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৩ গগৈক তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে। তেওঁ কয়— “নিৰ্বাচনত কোনো Contest এ নহয়, ওচৰলৈকে নাহে।” মুখ্যমন্ত্ৰীয়ে পুনৰ কয়— “যোৱা নিৰ্বাচনত এজন গগৈ হাৰিল, বাকী গগৈসকলো হাৰি থাকিব। কিন্তু আমাৰ গগৈসকল জিকি থাকিব।” লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে— “তিনি গগৈৰ ৰাজনীতি যদি তলে-তলে চলি আছে, আমি ওপৰে-ওপৰে মানুহে দেখাকৈ কাম কৰি আছো।”
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই মন্তব্যই নিৰ্বাচনপূৰ্ব ৰাজনৈতিক দিশত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
স্মৰ্তব্য যে তিনি গগৈৰ ৰাজনৈতিক সূত্ৰক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে। কিয়নো সমাগত বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত তিনি গগৈৰ বিৰোধী ফৰ্মূলাক কৈ ৰাজনৈতিক মহলত চৰ্চা চলি আছে।
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ