নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈৰ পৰিয়ালে পাকিস্তানী ISI এজেণ্টৰ দৰে কাম কৰি আহিছে

যিকোনো ঘটনাৰ পিছত গৌৰৱ গগৈয়ে পাকিস্তানক সমালোচনা কৰিব নোৱাৰে। তেওঁৰ সাহস নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গৌৰৱ গগৈৰ পৰিয়ালৰ ওপৰত তীব্ৰ আক্রমণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়- “গৌৰৱ গগৈৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেন্টৰ দৰে কাম কৰি আহিছে।” তেওঁ লগতে কয় যে গৌৰৱ গগৈৰ পত্নী বেছি গাঢ় এজেণ্ট, সেই হিচাপত গৌৰৱ অলপ কম পৰিমাণৰ এজেণ্ট। কিন্তু পৰিয়ালটোৱে আইএছআইৰ এজেণ্ট হিচাপে কাম কৰি আছে।

তেওঁ আৰু কয়— “সেয়েহে যিকোনো ঘটনাৰ পিছত গৌৰৱ গগৈয়ে পাকিস্তানক সমালোচনা কৰিব নোৱাৰে। তেওঁৰ সাহস নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈ।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ

You might also like