নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্র আৰু সামাজিক মাধ্যম

সামাজিক মাধ্যমৰ আকর্ষণ আৰু উন্মাদনাই সমাজৰ প্রতিটো স্তৰৰ লোককে স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ ই হ’ল ইণ্টাৰনেট ভিত্তিত যোগাযোগৰ অতি দ্রুত মাধ্যম৷ অনলাইনত শ্বেয়াৰ কৰা ফটো, ভিডিঅ’ বা নিজস্ব মন্তব্য বিশ্বজুৰি বিয়পি পৰে আৰু এইসমূহে অনায়াসে জনমতক গভীৰভাৱে প্রভাৱান্বিত কৰাৰ সামর্থ্য অর্জন কৰে৷ এখন গণতান্ত্রিক ৰাষ্ট্রত সাম্প্রতিক সময়ত সামাজিক মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই পৰিলক্ষিত হয়৷ ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে পোৱাৰ ক্ষেত্রত, যিকোনো ঘটনা বা দুর্ঘটনাৰ সবিশেষ মুহূর্তৰ ভিতৰতে লাভ কৰাৰ ক্ষেত্রত সামাজিক মাধ্যমৰ তুলনা নাই৷ ফেচবুক, টুইটাৰ (বর্তমান এক্স), ইনষ্টাগ্রামৰ জৰিয়তে খবৰ দ্রুত সৰবৰাহ হোৱাৰ ফলত নাগৰিকসকল সাম্প্রতিক ঘটনা প্রৱাহৰ সৈতে অহৰহ যুক্ত হৈ থাকিব পাৰে৷ তদুপৰি, ঘটনাৱলীৰ বিচাৰ–বিশ্লেষণৰ বাবে সামাজিক মাধ্যমে নাগৰিক সমাজক এখন যথার্থ মঞ্চ প্রদান কৰে৷ ফলস্বৰূপে যিকোনো আলোচনা বিশেষকৈ ৰাজনৈতিক আৰু সামাজিক স্পর্শকাতৰ আলোচনা অথবা চর্চাত সকলোৱে ক্ষণিকৰ ভিতৰত অংশগ্রহণ কৰিব পাৰে৷ তৃণমূল ৰাজনীতিৰ পৰা ৰাষ্ট্রপতি নির্বাচনলৈ সকলোৰে চর্চাত সাধাৰণ নাগৰিকে নিৰ্দ্বিধাই ভাগ ল’ব পাৰে৷ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজস্ব মতেৰে সৰৱ হোৱাৰ থল প্রদান কৰে এই মঞ্চই৷ সমাজৰ প্রান্তীয় অথবা দুর্বল শ্রেণীৰ লোকসকলে ভুগি অহা বঞ্চনাৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু সতীর্থসকলক ইয়াৰ বাবে প্রভাৱান্বিত কৰিবলৈ সামাজিক মাধ্যমৰ আশ্রয় ল’ব পাৰে৷ তথ্যৰ দ্রুত প্রসাৰ আৰু বিস্তৃত চর্চাৰ ফলত বিভিন্ন মতামত আৰু দৃষ্টিভংগীৰে নিজস্ব বিচাৰ সমৃদ্ধ কৰি তুলিব পৰা যায়৷ এখন গণতান্ত্রিক সমাজৰ নাগৰিকসকলৰ সজাগতা অত্যন্ত গুৰুত্বপূর্ণ। নির্বাচনত ভোটাৰৰ ব্যাপক অংশগ্রহণৰ বাবে প্রার্থীসকলৰ তথ্যৰ প্রচাৰৰ লগতে ভোটদানৰ বাবে জনোৱা আহ্বান নির্বাচনৰ সময়ত অতি প্রয়োজনীয় বিবেচিত হয়৷
ভাৰতৰ দৰে এখন জনবহুল ৰাষ্ট্রত বৃহৎসংখ্যক ভোটাৰক আকর্ষিত কৰিবলৈ নির্বাচন আয়োগে প্রচাৰৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে৷ ইয়াৰ ভিতৰত সামাজিক মাধ্যম আন্যতম৷ বিশেষকৈ বুজনসংখ্যক যুৱ ভোটাৰৰ মাজত সজাগতা অনাই হ’ল উৎকৃষ্ট মাধ্যম৷ কাৰণ, তেওঁলোকেই সামাজিক মাধ্যমত সর্বাধিক সক্রিয় হৈ থাকে৷ সাধাৰণ নাগৰিকৰ পৰা উদীয়মান নেতালৈ আটায়ে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্রখনৰ সুস্থ ৰাজনৈতিক পৰিৱেশৰ বাবে সজাগ হৈ থকাটো আৱশ্যকীয়৷ সামাজিক মাধ্যমে এইক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিব পাৰে৷ কিন্তু আমি এই কথা পাহৰিলে নচলিব যে এই মাধ্যমৰ অপব্যৱহাৰে সমাজলৈ নেতিবাচক বার্তাও কঢ়িয়াই আনিব পাৰে৷ অপতথ্য আৰু অসত্য প্রচাৰৰ জৰিয়তে ন্যস্ত স্বার্থ মহলে নিজৰ মতলব পূৰণৰ বাবে সক্রিয় হৈ উঠাও পৰিলক্ষিত হয় আৰু ই সমাজলৈ অস্থিৰতা নমাই আনে৷ মুহূর্তৰ ভিতৰতে বিতর্কিত ভাষা তথ্য, বিষাক্ত মত সর্বত্র বিয়পাই দি অশুভ চক্রই অহৰহ বিশৃংখলা সৃষ্টিৰ বাবে তৎপৰ হৈ থাকে৷ সমাজত অনাহকতে অশান্তি নমাই এনে অপশক্তিয়ে স্বার্থ সিদ্ধিৰ বাবে সামাজিক মাধ্যমক ব্যৱহাৰ কৰে, বিশেষকৈ নির্বাচনৰ সময়ত অপপ্রচাৰেৰে জনমতক বিভ্রান্ত কৰি মুনাফা আদায়ৰ চেষ্টা চলায়৷ ইয়াৰ উপৰি সাম্প্রতিক কালত প্রায়েই সংঘটিত চাইবাৰ অপৰাধ অথবা অনলাইন হাৰাশাস্তিৰ বলি হৈ আহিছে একাংশ লোক৷ কোনো কোনো ক্ষেত্রত চৰকাৰে নাগৰিকৰ কার্যকলাপ অহৰহ নিৰীক্ষণ কৰি ব্যক্তিগত গোপনীয়তা হানি কৰাৰ অভিযোগো উত্থাপন হৈ আহিছে৷ তদুপৰি, সামাজিক মাধ্যমৰ এলগৰিথমে, যি সর্বাধিক লোকক জড়িত কৰাব পাৰে প্রায়েই স্পর্শকাতৰ বিষয়সমূহক অগ্রাধিকাৰ প্রদান কৰাৰ ফলত সমাজত বিভাজন পৰিলক্ষিত হয়৷ সাধাৰণ লোকসকল সহজেই ইয়াৰ দ্বাৰা উত্তেজিত হ’ব পাৰে আৰু ই চৌদিশে অৰাজকতা সৃষ্টি কৰাত ইন্ধন যোগায়৷ সমাজৰ বিভাজনমুখী শক্তিয়ে ইয়াৰ সুবিধা লৈ নিজৰ স্বার্থ পূৰণ কৰে৷ সংবাদ মাধ্যমৰ বিপৰীতে যিকোনো লোকেই কোনো তথ্য পৰীক্ষা নকৰাকৈ অসত্য আৰু প্রৰোচনামূলক বিষয় শ্বেয়াৰ কৰিব পাৰে সামাজিক মাধ্যমৰ ই অন্যতম নেতিবাচক দিশ৷ এইসমূহ ৰোধ কৰিবলৈ ডিজিটেল সাক্ষৰতা অধিক জৰুৰী৷ ব্যাপকভাৱে তথ্যৰ সত্যাসত্য নির্ণয় কৰাৰ লগতে চৰকাৰৰ সক্রিয়তাই সামাজিক মাধ্যমৰ অপব্যৱহাৰ কিছু পৰিমাণে হ’লেও হ্রাস কৰিব পাৰে৷ গণতন্ত্রত সামাজিক মাধ্যমৰ প্রভাৱ বহুমুখী৷ তথ্যৰ প্রসাৰৰ বাবে ই বৃহৎসংখ্যক লোকক সামৰিব পাৰে যদিও ই বহু ক্ষেত্রত প্রত্যাহ্বানৰ সৃষ্টি কৰে৷ ইয়াৰ মোকাবিলা কৰিবলৈ চৰকাৰ আৰু নাগৰিক সমাজ আগুৱাই অহাটো সময়ৰ আহ্বান৷

You might also like