নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিস্ফোৰণৰ পিছত ইডেনত আজিৰ পৰা ভাৰত-দক্ষিণ আফ্রিকাৰ প্রথম টেষ্ট

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : ইডেন গার্ডেনত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত প্রথমখন টেষ্ট৷ দিল্লীত সংঘটিত ভয়ানক বিস্ফোৰণৰ পিছতে সমগ্র দেশতে জাৰি কৰা হৈছে ৰেড এলার্ট৷ কলকাতাতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷

আজিৰ পৰা ইডেনত আৰম্ভ হোৱা টেষ্টখনত আৰক্ষীয়ে নিৰাপত্তাৰ ক্ষেত্রত কোনো সুৰুঙা ৰাখিব বিচৰা নাই৷ ক্রিকেটৰ স্বর্গক দুর্গলৈ ৰূপান্তৰ কৰা হৈছে৷ খেল চলি থকাৰ সময়ত দর্শকৰ মাজত যিদৰে সাধাৰণ কাপোৰ পিন্ধা আৰক্ষী থাকিব, ঠিক তেনেদৰে ষ্টেডিয়ামৰ চাৰিওপিনে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব৷

জানিব পৰা মতে, আৰক্ষী বিষয়াসকলে ক্রিকেটাৰ আৰু দর্শকৰ নিৰাপত্তাৰ কথা মনত ৰাখি ইডেনৰ বিভিন্ন অংশক কেইবাটাও খণ্ডত বিভক্ত কৰিছে৷ প্রতিটো শাখাৰ দায়িত্বত থাকিব এজন উপ–আৰক্ষী আয়ুক্ত আৰু ৯জন সহকাৰী আয়ুক্ত৷ দর্শক বহিব পৰা প্রতিটো ষ্টেণ্ডত এজন উপ–আৰক্ষী আয়ুক্ত আৰু কমেও ৯জন সহকাৰী আয়ুক্ত কর্তব্যত থাকিব৷ তদুপৰি নিৰাপত্তাৰ বাবে মোতায়েন কৰা হ’ব বৃহৎ আৰক্ষীৰ দল৷

সূত্র অনুসৰি ক্লাব হাউছ আৰু ভিভিআইপি জ’নত নিৰাপত্তাৰ বাবেও উচ্চপদস্থ আৰক্ষী বিষয়া নিয়োগ কৰা হ’ব৷ ইডেন গার্ডেনৰ বাহিৰতো নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইডেনৰ আশে–পাশে বিভিন্ন ঠাইত বাংকাৰ নির্মাণ কৰা হৈছে৷

You might also like