ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : জম্মু-কাশ্মীৰৰ নওগাম থানাত শেহতীয়াকৈ ফৰিদাবাদত উদ্ধাৰ কৰা বিপুল পৰিমাণৰ বিস্ফোৰক মজুত কৰি ৰখা হৈছিল। উদ্ধাৰ হোৱা বিস্ফোৰকখিনি ৰখা নওগাম থানাতে দুৰ্ভাগ্যবশতঃ এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। শুকুৰবাৰে নিশা জম্মু-কাশ্মীৰৰ এই থানাখনত সংঘটিত বিস্ফোৰণত ৯জনৰ মৃত্যু হৈছে। আহত হৈছে অন্ততঃ ২৫জন। আহতসকলৰ অধিকাংশই আৰক্ষী কৰ্মী আৰু ফৰেনছিক বিভাগৰ কৰ্মী। থানাত সংঘটিত বিস্ফোৰণত নিহতসকলৰ ভিতৰত আছে বিস্ফোৰক সামগ্ৰী পৰীক্ষাৰ বাবে থানাত উপস্থিত থকা ফৰেনছিক বিভাগৰৰ বিশেষজ্ঞ, ক্ৰাইম ব্ৰান্সৰ বিষয়া, ৰাজহ বিভাগৰ বিষয়া। এই বিস্ফোৰকখিনি অতি সাৱধানে পৰীক্ষা কৰি থকাৰ সময়তে শুকুৰবাৰে নিশা ১১.২০ বজাত বিস্ফোৰণটো সংঘটিত হোৱা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।
উল্লেখ্য যে শ্ৰীনগৰৰ নওগামত জঈচ-ই-মহম্মদৰ এখন পোষ্টাৰৰ আঁত ধৰি তদন্ত আৰম্ভ কৰিছিল নওগাম থানাৰ আৰক্ষীয়ে। সেই তদন্ততে উন্মোচিত হৈছিল সন্ত্ৰাসবাদৰ ফৰিদাবাদ মডিউল। সেই মডিউলৰেই এটা অংশ দিল্লী বিস্ফোৰণত জড়িত। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত ২৭ অক্টোবৰত মুঠ ২৯০০ কেজি বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল। সেই বিস্ফোৰকখিনি পৰীক্ষা-নিৰীক্ষাৰ বাবে কাশ্মীৰলৈ অনা হৈছিল। শুকুৰবাৰে নিশা ফৰেনছিক ছায়েন্স লেব’ৰেটৰীৰ এটা দলে সেই বিস্ফোৰকখিনি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ লওঁতেই বিস্ফোৰণটো ঘটে।
নওগাম থানাৰ বিস্ফোৰণৰ ঘটনাত আহতসকলক ভাৰতীয় সেনাৰ ৯২ বেছ হাস্পতাল আৰু শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল। তদুপৰি গোটেই এলেকাটো খালী কৰি দিয়া হৈছে।