তিনিচুকীয়া-ত ঘৰৰ পৰাই ছমহীয়া শিশু চুৰি! চাঞ্চল্য
তিনিচুকীয়াত এটি ছয়মহীয়া শিশুক চুৰি কৰি নিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। শুকানপুখুৰী ৪নং লাইনৰ বাসিন্দা পাৰ্লাদ বাৰিক আৰু সীমা বাৰিকৰ পৰিয়ালৰ শিশুটি এই ঘটনাৰ বলি হৈছে।
সূত্র মতে, দেওবাৰে নিশা শিশুটি নিজৰ বাসগৃহৰ পৰাই অপহৰণ হয়। ঘটনাটোৰ সংক্ৰান্তত পৰিয়ালে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে।
পৰিয়ালৰ দাবী অনুসৰি, শিশুটি চুৰি হোৱাৰ আগতে বিজয় তাঁতী নামৰ এজন সম্বন্ধীয় ব্যক্তি ঘৰলৈ আহিছিল। সেই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে ঘটনাটো সন্দেহজনক বুলি ধৰি তদন্ত আৰম্ভ কৰিছে।
ইতিমধ্যে তিনিচুকীয়া জিলাত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত এই নতুন শিশুচুৰিৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলেও আৰক্ষীক যেন দ্রুত অনুসন্ধান তীব্ৰতৰ কৰি শিশুটিক উদ্ধাৰ কৰাৰ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ