ষষ্ঠ যোগাসন স্পৰ্টছ ৱৰ্ল্ড কাপত ব্ৰঞ্জৰ পদক অৰ্জন তেজপুৰৰ মৃত্তিকাৰ
জপুৰৰ ৮ বছৰীয়া প্ৰতিভাশালী যোগাসন খেলুৱৈ মৃত্তিকা মেৰু কটকীয়ে ৬ষ্ঠ Yogasana Sports World Cup 2025ত ভাৰতক প্ৰতিনিধিত্ব কৰি উজ্জ্বল সফলতা লাভ কৰিছে। ছাব-জুনিয়ৰ ব্যক্তিগত শাখাৰ পৰম্পৰাগত যোগাসন প্ৰতিযোগিতাত মৃত্তিকাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসম তথা দেশৰ গৌৰৱ বৃদ্ধি কৰিছে।
১৩ৰ পৰা ১৬ নৱেম্বৰলৈ হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত এই আন্তর্জাতিক প্ৰতিযোগিতাত ভাৰতৰ উপৰি জাপান, ইৰান, ভিয়েটনাম, ফিনলেণ্ড, হংকং, থাইলেণ্ডসহ কেইবাখনো দেশে অংশগ্ৰহণ কৰিছিল। কঠোৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ মাজতো মৃত্তিকাৰ এই উজ্জ্বল সাফল্য প্ৰশংসাযোগ্য বুলি ক্ৰীড়ামহলে মত প্ৰকাশ কৰিছে।
মৃত্তিকাৰ এই কৃতিত্বই তেওঁলৈ আগলৈও আন্তৰ্জাতিক যোগাসন মঞ্চত বহু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিলে।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ