শিৱসাগৰ-ত চাঞ্চল্য : মাতৃ–কন্যাৰ একেলগে চৰম পথ
শিৱসাগৰ অ’এনজিচি কলনীৰ সমীপত পুৱতিনিশা সংঘটিত হৈছে এক দুঃখজনক আৰু চাঞ্চল্যকৰ ঘটনা। এটা ঘৰত মাতৃ আৰু কন্যাই একেলগে আত্মহনন কৰাৰ খবৰে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।
জানিব পৰা অনুসৰি, মৃত মাতৃৰ নাম ৰূপা বৰগোহাঁই আৰু কন্যাৰ নাম উপাসনা বৰগোহাঁই। উপাসনা বৰগোহাঁই বিবাহিত টেট শিক্ষয়িত্ৰী আছিল। দুয়ো মাতৃ-কন্যাই ঘৰতে নিজেই অগ্নিসংযোগ কৰি আত্মহনন কৰে বুলি সন্দেহ কৰা হৈছে।
ঘৰখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ছুইচাইড ন’ট, য’ত আত্মহত্যাৰ কাৰণ উল্লেখ কৰা আছে বুলি জানিব পৰা গৈছে। যদিও ন’টখনৰ বিষয়বস্তু সম্পূৰ্ণৰূপে এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
উল্লেখযোগ্য যে উপাসনা বৰগোহাঁইৰ বিয়া হৈছিল চাৰিং নিৱাসী বিদ্যুৎ নাথৰ সৈতে। আৰু ইয়াৰ পূৰ্বেও ২০২৪ চনৰ ১০ মে’ত স্বামীৰ সৈতে চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি পৰিয়ালসূত্রে জানিব পৰা গৈছে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আত্মহননৰ কাৰণ কি, পৰিয়ালিক বা মানসিক কোনো চাপ আছিল নে—ইয়াৰ সম্পূৰ্ণ তথ্য আগন্তুক তদন্তৰ পিছতেই স্পষ্ট হ’ব।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ