নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন, কবিতা পুথি উন্মোচন

নিয়মীয়া বাৰ্তা, মিৰ্জা, ১৮ নৱেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি ৰাজ্যজুৰি ওপজা দিন উদযাপন কৰা হয়। সমান্তৰালভাৱে পলাশবাৰী ২নং ৱাৰ্ডৰ উদীয়মান যুৱক কৈলাস দাসে একক প্ৰচেষ্টাৰে ব্যতিক্ৰমী ধৰণে প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰে । এই উপলক্ষে কৈলাশ দাসৰ নিজ বাসগৃহত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল কলিতাই উদীয়মান যুৱক কৈলাস দাসে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই যুগুত কৰি উলিওৱা কবিতা পুথি “ইউকেলিপ্টাছ” আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

অনুষ্ঠানত পলাশবাৰী শাৰদীয় দুৰ্গোৎসৱৰ উপ-সভাপতি প্ৰফুল্ল কলিতা, বিশিষ্ট ব্যক্তি প্ৰবীণ কলিতা, অমূল্য ৰাজবংশী, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ দাস, শিক্ষক হীৰেণ কলিতা,  নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক জিতুমণি দাস, পাৰ্লী হুদুমপৰ গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ড সদস্য ৰাতুল কলিতা, মুকল বৰুৱা, দীপক নাথ আদি উপস্থিত থাকে।

ইয়াৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে নাহৰৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানত পলাশবাৰী লুইতপৰীয়া বিষ্ণুজ্যোতি মহিলা নামৰীয়া দলে নাম-প্ৰসংগ কৰে।

You might also like