নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ দিনাই জুবিন-ৰ ন্যায়ৰ দিশত আঁতৰিল আইনী বাধা, মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বতৰা

অসমবাসীৰ প্ৰিয় সংগীতজ্ঞ জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিনত তেওঁৰ ন্যায়ৰ যুদ্ধলৈ আহিল ইতিবাচক সুখবৰ। ছিংগাপুৰত সংঘটিত জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ আইনী পদক্ষেপত যি প্ৰক্ৰিয়াগত বাধা আছিল, সেই বাধা আজি আঁতৰাই দিলে কেন্দ্ৰীয় চৰকাৰে।

দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হ’লে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নোহোৱাকৈ ভাৰতীয় আদালতে সেই গোচৰ আগবঢ়াব নোৱাৰিব। আজি সেই অনুমতিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্যমত জনালে। তেওঁ লিখিছে- এই দিনটোৰেই বিশেষত, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহজীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ আগবঢ়াবলৈ ছিংগাপুৰত সংঘটিত ঘটনাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ধাৰা ২০৮ অনুসৰি প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে। তেওঁ লগতে সদৰী কৰে যে কেন্দ্ৰীয় অনুমতি লাভৰ পিছত এতিয়া গোচৰটো আদালতলৈ আগবঢ়াবলৈ কোনো বাধা থাকিব নোৱাৰিব।

ইফালে  ১০ ডিচেম্বৰৰ ভিতৰত দাখিল হ’ব ‘পানী নসৰকা’ চাৰ্জশ্বীট দাখিলৰ বাবে বদ্ধপৰিকৰ হৈ আছে অসম চৰকাৰ। আৰক্ষী, এছআইটি, চিআইডিৰ সহযোগত এক শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আগতেই অৱগত কৰি থৈছে।

আনহাতে গোচৰটো দ্রুততম সময়ৰ ভিতৰত আগবঢ়াই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে পুনৰ উচ্চাৰণ কৰিছে।

জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে আজি দুখৰ মাজতো এটা আশাব্যঞ্জক দিন— জন্মদিনৰ দিনটোতেই তেওঁৰ ন্যায়ৰ পথত আগবাঢ়ি গ’ল গুৰুত্বপূর্ণ এক আইনী পদক্ষেপ।

ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ

You might also like