নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১৯ নৱেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল, আজি   ১৯ নৱেম্বৰ, আঘোণ মাহৰ ২ তাৰিখ, বুধবাৰঃ তিথি–কৃষ্ণ চতুর্দশী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই

আজিৰ দিনটোৰ ৰাশিফল

আজি   ১৯ নৱেম্বৰ, আঘোণ মাহৰ ২ তাৰিখ

বুধবাৰঃ তিথি–কৃষ্ণ চতুর্দশী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই

মেষঃ সামাজিক সংযোগত কিছু উন্নত ফল৷ বিদ্যাত মধ্যম৷ শৰীৰ সম্পর্কে সাধাৰণ চিন্তা থাকিব৷ আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ৷

বৃষঃ কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়৷ আর্থিকত বিশেষ সমস্যা নহ’লেও খৰচ ৰোধ কৰাটো টান হ’ব৷ ব্যৱসায়ত ব্যস্ততা থাকিব৷

মিথুনঃ কিছু উদ্বিগ্ণতা৷ দুটাৰ পিছত ধীৰে ধীৰে উন্নত৷ প্রিয় বন্ধু–বান্ধৱৰ সংগত সুখ৷ বিদ্যাতো মধ্যম৷ শৰীৰ সম্পর্কীয় ভাবনা থাকিব৷

কর্কটঃ আর্থিক সম্পর্কীয় কোনো সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ’ব পাৰে৷ ব্যৱসায়িক উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল৷ পাৰিবাৰিক অস্থিৰতা থাকিব৷

সিংহঃ শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ’ব৷ উৎপাদিত সামগ্রীৰ কিছু লোকচান৷ নিবনুৱাৰ আশাপূর্ণ সংযোগ৷

কন্যাঃ কর্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব৷ কোনো নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে৷ ঘৰুৱাত বিশেষ সমস্যা নাই৷

তুলাঃ শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে৷ ভাই–ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব৷ কর্মস্থানত উদ্বেগ সামান্য থাকিব৷

বৃশ্চিকঃ দিনটোত কোনো কাৰণে শুভ বুদ্ধিৰ উদয় হ’ব৷ সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব৷ পঢ়া–শুনাত বেয়া ফল দেখা নাযায়৷ বৈবাহিক জীৱনত মত বিৰোধ৷

ধনুঃ কোনো আৱেগসংকুল কথাত যাতে মন বিমর্ষিত হ’ব নালাগে, সাৱধান হওক৷ স্ব–ব্যৱসায় আদিত নিৰাশ হ’ব নালাগিব৷

মকৰঃ কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক৷ আনৰ ওপৰত বেছি নির্ভৰ নকৰিব৷ মামলা–মোকর্দমাত জড়িত হ’ব পাৰে৷

কুম্ভঃ আর্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে৷ শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব৷ বিদ্যা লাভ৷ কর্মযোগ তথা আর্থিক ক্ষেত্রত শুভ৷

মীনঃ আজিৰ দিনটোত দুই–এটা নিদাৰুণ সংযোগ বা সমস্যাৰ উন্নতি দেখিব৷ কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব৷

You might also like