নিয়মীয়া বাৰ্তা, ভগামুখ, ১৮ নৱেম্বৰ : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন শিল্পীগৰাকীৰ অনুপস্থিতিত প্ৰথমবাৰৰ বাবে জাঁজীৰ পিতৃ ভিঠা তামুলীছিগাত ককাক প্ৰয়াত কুমুদ বৰঠাকুৰৰ বাসগৃহৰ সমুখৰ তামুলীছিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ শিক্ষক গোট, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অধীনত অনুষ্ঠিত কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ দেৱজিত বৰাৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰকাশ বৰঠাকুৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
আদ্য দেওপানী গজলা সত্ৰৰ সত্ৰীয়া, জ্যেষ্ঠ সাংবাদিক দেৱকুমাৰ মহন্তই এটি ফুলৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গৰ প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেমৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি মহাবিদ্যালয় পৰিয়ালেও কেইবাটাও নাহৰ পুলি ৰোপণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ বৰাই জুবিন গাৰ্গৰ জীৱনাদৰ্শ সোঁৱৰণ কৰি তেওঁৰ কৰ্মৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ সকলোকে আহ্বান জনায়। জুবিন গাৰ্গৰ ককাৰ বাসগৃহতো পেহীয়েক দেৱযানী বৰঠাকুৰ শৰ্মাই শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰে।