নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ গ্রেপ্তাৰ ব্লক শিক্ষা বিষয়া মাধৱ সাহা, চিএম ভিজিলেঞ্চ-ৰ অভিযান

কাছাৰ জিলাৰ উধাৰবন্দ ব্লক শিক্ষা বিষয়া (বিইইঅ’) মাধৱ সাহাক উৎকোচ লোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিছে। বিইইঅ’‌ মাধৱ সাহাই ৭ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ‌ দলে আটক কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, এল পিৰ পৰা হাইস্কুললৈ এগৰাকী শিক্ষকৰ পদোন্নতিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ বিদ্যালয় কৰ্তৃপক্ষক যোগান ধৰিবলৈ ব্লক অফিচৰ পৰা প্ৰায় দুমাহ সময় লাগিব বুলি কৈছিল। এই সময়ছোৱাত শিক্ষকজনৰ দৰমহা বন্ধ নহ’ব বুলি আশ্বাস দিয়াৰ বিনিময়ত মাধৱ সাহাই প্ৰথমে দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল। পিছত আলোচনাৰ অন্তত তেওঁ ৭ হাজাৰ টকা দিবলৈ সন্মত হয়।

পৰিকল্পনা অনুসৰি শিক্ষকজনে ধন দিবলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ দলটোৱে উৎকোচৰ ধন লৈ থকা অৱস্থাত মাধৱ সাহাক গ্ৰেপ্তাৰ কৰে।

শেহতীয়া খবৰ অনুসৰি ঘটনাৰ তদন্ত অব্যাহত আছে আৰু সমগ্ৰ বিষয়টো সংশ্লিষ্ট বিভাগে চোৱাচিতা কৰি আছে।

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ

You might also like