নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিৰ ৩০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশবাসীয়েও মহামাৰী ক’ৰোনাত ক্ৰমান্বয়ে আক্ৰান্ত হ’ব ধৰিছে । তেনে সময়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দেশবাসীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নৱৰত্ন উদ্যোগ অ’এন জি চি । সোমবাৰে নিগমৰ চিঠি নং ২৫(২১)/২০১৭- আই আৰযোগে দিয়া নিৰ্দেশত নিগমৰ কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ দুদিনৰ বেছিক দৰমহা মুঠ ১৬ কোটি টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে ।

নিগমে সমগ্ৰ ভাৰতবৰ্ষৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে ৩০০ কোটি টকা আৰু নিগমৰ কৰ্মচাৰীসকলে দুদিনৰ বেছিক দৰমহা ১৬ কোটি টকা নিগমৰ অপাৰেচন এৰিয়াত আক্ৰান্ত হোৱা সকলৰ বাবে প্ৰদান কৰিছে বুলি নিগমৰ বিষয়া তথা অনুসূচিত জাতি-জনজাতিৰ সৰ্বভাৰতীয় সভাপতি পোনাৰাম মিলিয়ে জানিবলৈ দিছে ।

You might also like