নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়ৰ্কৰ টাইম স্কোৱেৰত শাড়ী সমদল : সমাদৃত অসমীয়া মেখেলা-চাদৰ

🔹 আমেৰিকা নিৱাসী কংকনা গোস্বামীৰ বিহুনৃত্যই মুহিলে উদ্যোক্তাক

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : ভাৰতীয় নাৰীৰ মোহনীয় পোছাক শাড়ী আৰু অসমীয়া মহিলাৰ দৃষ্টিনন্দন মেখেলা-চাদৰৰ আছে বিশ্বজোৰা সুনাম ৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে সমাদৰ লাভ কৰা শাড়ী আৰু মেখেলা-চাদৰক অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে ১৬ নৱেম্বৰত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ইউ এম এ গ্ল’বেল (UMA GLOBAL) নামৰ অনুষ্ঠানটোৱে ‘Saree Goes Global’ শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে বিশ্বখ্যাত আমেৰিকাৰ চহৰখনৰ টাইম স্কোৱেৰত শাড়ী যাত্ৰা অৰ্থাৎ শাড়ী পৰিহিত মহিলাৰ এটি বাৰেবৰণীয়া সমদল উলিয়ায়৷ নিউয়ৰ্কস্থিত ভাৰতীয় কনচুলেট জেনেৰেলৰ সহযোগত উলিওৱা এই সমদলত বিশেষ স্থান লাভ কৰে মনোমোহা অসমীয়া মেখেলা-চাদৰে ৷

এই অনুষ্ঠানৰে সংগতি ৰাখি আমেৰিকা নিৱাসী অসমীয়া যুৱতী কংকনা গোস্বামীয়ে মুগাৰ মেখেলা-চাদৰ পৰিধান কৰি বিহুনৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ তেওঁৰ বিহুনৃত্য প্ৰদৰ্শনৰ বাবে ইউ এম এ গ্ল’বেলে প্ৰশংসা পত্ৰও প্ৰদান কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় শাড়ীৰ লগতে অসমীয়া মেখেলা-চাদৰে আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰাৰ লগে মহিলা সবলীকৰণতো সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷

You might also like