নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২১ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকৃত ভূমি উচ্ছেদৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপৰ অংশৰূপে নগাঁৱৰ ৰূপহীহাটতো বেদখলক লৈ প্ৰশাসন সৰৱ হৈ পৰিছে ৷ ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত আজি কেইবাটাও পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ৷ গড়াজান উন্নয়ন খণ্ডৰ নামত আবন্টিত হৈ থকা ১২ বিঘা মাটি বেদখলমুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷
চামগুৰি ৰাজহ চক্ৰ বিষয়াই অবৈধ বেদখলীক গ্ৰেজিং ৰিজাৰ্ভৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘা মাটি ত্যাগ কৰাৰ বাবে জাননী দিয়ে ৷ উক্ত ভূমিত বাহৰ পাতি থকা লোকসকলক ১৫ দিনৰ ভিতৰত ঠাই খালী কৰাৰ নিৰ্দেশ দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে উক্ত ভূমিত শতাধিক বেদখলকাৰীয়ে ঘৰ-বাৰী সাজি বসবাস কৰি আহিছিল ৷ জানিব পৰা মতে, ১৯৯৯ চনত ৰাজহ বিভাগে উন্নয়ন খণ্ডক আবন্টন দিয়া ভূমিতো বেদখলকাৰীয়ে গাঁও পাতিছে ৷ আজি উচ্ছেদৰ জাননী দিয়াৰ লগে লগে এই লোকসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
প্ৰেৰক জহিৰুল ইছলাম