বজালী-ৰ সাংবাদিক ৰাণা ডেকাক হ*ত্যাৰ ভাবুকি হিতেশ দেৱ শৰ্মাৰ
বাকসা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাচিত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ কেবাগৰাকী অভিযুক্তক জেললৈ আনিছিল
অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই বজালীৰ এগৰাকী ব্যক্তিগত টিভি চেনেলৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে অৱসৰপ্ৰাপ্ত শীৰ্ষ প্ৰশাসনিক বিষয়াগৰাকীয়ে নিজৰ ফোনেৰে বজালীৰ সাংবাদিক ৰাণা ডেকাক ফোন কৰে। তেওঁ ফোন কৰি বিভিন্ন প্ৰশ্ন কৰাৰ লগতে সাংবাদিকগৰাকী আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ কৰে সাংবাদিকগৰাকীয়ে৷
এই সন্দৰ্ভত সাংবাদিক ৰাণা ডেকাই আজি বজালী আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে৷ উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে বাকসা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাচিত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ কেবাগৰাকী অভিযুক্তক জেললৈ আনিছিল৷
এই ঘটনাত একাংশ ৰাইজ উত্তেজিত হৈ অভিযুক্তকেইগৰাকীক লৈ অহা গাড়ীৰ লগতে আৰক্ষীৰ ওপৰতো শিলাবৰ্ষণ কৰিছিল৷ যাৰ ফলশ্ৰুতিত শিলাবৰ্ষণ কৰা ৰাইজৰ ওপৰত জঁপিয়াই পৰিছিল অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাৰ পুত্ৰ তথা আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাই৷
উল্লেখ্য যে গীতাৰ্থ দেৱ শৰ্মা সেই সময়ত বাকসা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ বাকসাৰ উক্ত ঘটনাটোত উত্তেজিত ৰাইজক সাংবাদিকগৰাকীয়ে উচটাইছিল বুলি হিতেশ দেৱ শৰ্মাই অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ বাবে অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাই খৰ্গহস্ত হৈ পৰে সাংবাদিক ৰাণা ডেকাৰ বিৰুদ্ধে।
ইপিনে এই ঘটনাৰ পিছতে বজালীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে। অৱসৰপ্ৰাপ্ত শীৰ্ষ প্ৰশাসনিক বিষয়াগৰাকীৰ এই কাৰ্যই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে তেওঁৰ এনে কাৰ্যক সকলোৱে ধিক্কাৰ দিছে।
নিয়মীয়া বাৰ্তা, পাঠশালা, ২২ নৱেম্বৰ