নিয়মীয়া বার্তা, সাপেখাতী, ২৪ নৱেম্বৰ : অসম–অৰুণাচল আৰু নাগালেণ্ড ৰাজ্যৰ ত্রিবেণী সংগম চৰাইদেড জিলা৷ ‘এডেও দুডেও লোটা নিয়াৰ চেও’– এই বাক্যশাৰী বর্তমান প্রযোজ্য হোৱা দেখা গৈছে চৰাইদেউ জিলাত৷ আহোমৰ ৰাজধানী চৰাইদেউৰ হাজাৰ হাজাৰ হেক্টৰ মাটি দুয়োখন চুবুৰীয়া ৰাজ্যই বেদখল কৰি গোজেই গজালিত পৰিণত হৈছে৷ বিশেষকৈ আহোমৰ ৰাজধানী চৰাইদেউৰ চৰাইপুং, হোলোঙামৰা, খেৰবাৰী, কানু চাহ বাগিচা এলেকাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশে প্রায় ৬ হাজাৰ হেক্টৰৰো অধিক মাটি বেদখল কৰি চাহ বাগিচা, ৰাস্তা–ঘাট, ঘৰ–বাৰী নির্মাণ কৰি আহিছে৷ ইতিমধ্যে বেদখল কৰা মাটিত ১০খনৰো অধিক গাঁও স্থাপন কৰা লোকসকলক অৰুণাচল প্রদেশৰ চৰকাৰে বিদ্যুৎ, পকীপথ, দলঙৰ লগতে চৰকাৰী সা–সুবিধা প্রদান কৰি নিজৰ মাটি বুলি দাবী কৰি আহিছে৷
উল্লেখ্য যে চৰাইদেউ জিলাৰ পূব প্রান্তত চৰাইপুং অঞ্চলত টীয়ক নদীখনকে অসম–অৰুণাচল প্রদেশৰ সীমা নির্ধাৰণ কৰা আছিল৷ আনহাতে, খেৰবাৰী, কানু চাহ বাগিচা, টিঙালীবাম এলেকাত ঐতিহাসিক লাহদৈগড়কে অসম–অৰুণাচল আৰু নাগালেণ্ডৰ সীমা নির্ধাৰণ কৰা হৈছিল৷ কিন্তু অৰুণাচল প্রদেশ চৰকাৰৰ সহযোগত অৰুণাচলীয়ে দিল্লী ঘাট, হালোৱা ৰিজার্ভকে ধৰি প্রায় ৯ কিলোমিটাৰ অতিক্রম কৰি বহুকেইখনো গাঁও স্থাপন, চাহ বাগিচা, বিদ্যুৎ, পানী যোগানকে ধৰি অৰুণাচল প্রদেশৰ চৰকাৰে সা–সুবিধা প্রদান কৰি আহিছে যদিও অসম চৰকাৰৰ কোনো কাণ–সাৰ নাই৷
অতি পৰিতাপৰ বিষয় যে আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব কালত স্বর্গদেউ প্রতাপ সিংহই নির্মাণ কৰা ঐতিহাসিক লাহদৈগড়ৰ এটা অংশ বিশেষকৈ হোলোঙামৰা, বগাবাঘ, খেৰবাৰী, কানু চাহ বাগিচা অঞ্চলত একাংশ অৰুণাচলীয়ে ঘৰ–বাৰী নির্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ উপৰি অৰুণাচল প্রদেশৰ কানুবাৰী থানাখনো ঐতিহাসিক লাহদৈগড়ৰ পথৰ ওপৰত নির্মাণ কৰাৰ লগতে চৰকাৰী আৱাস নির্মাণ কৰি আহিছে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত কালি জিলাখনৰ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আটাছু, টাহপা আৰু আটছা সংগঠনৰ বহুকেইজন নেতা–কর্মীয়ে সাপেখাতী থানাৰ অন্তর্গত হোলোঙামৰা, খেৰবাৰী অঞ্চলত উপস্থিত হৈ অৰুণাচলীৰ আগ্রাসন প্রত্যক্ষ কৰে৷ লগতে সংগঠনকেইটাৰ প্রতিনিধি দলে অৰুণাচল প্রদেশৰ এনে আগ্রাসন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়াৰ উপৰি অসম চৰকাৰক ইয়াৰ যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷ অন্যথা সংগঠনকেইটাই অৰুণাচল প্রদেশৰ বিৰুদ্ধে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে৷