নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ, বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : সম্প্ৰতি নগাঁৱৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে জনসাধাৰণে। প্ৰতিদিনে হস্তী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে। ইয়াৰ মাজতে নগাঁৱৰ ননৈ নৈ-পাম গাঁৱত হাতী-মানুহ সংঘাতৰ ফলত এক শোকাৱহ ঘটনা সংঘটিত হয়। কন্দলি চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল হাতীৰ এটা জাক । এই বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা ।

জানিব পৰা মতে, প্ৰাত:ভ্ৰমণলৈ ওলাই যোৱা কেইবাগৰাকী মহিলা মুখামুখি হয় বনহস্তীৰ। এই সময়তে বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা। নিহত মহিলাগৰাকী ৰিপুমণি দাস আৰু আহতগৰাকী মাধৱী দাস ।

You might also like