অলিম্পিক স্থগিত হোৱাত আশাৰ ৰেঙনি দেখিছে দীপাই
সুস্থ হৈ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সুযোগ লাভ কৰিছোঁ
নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ আঠুঁৰ আঘাতৰ বাবে এইপৰ্যন্ত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰা তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে টকিঅ’ অলিম্পিক স্থগিত হোৱাত নতুন আশাৰ ৰেঙনি
দেখিছে। ২০১৬ৰ ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান দখল কৰি দেশৰ ক্ৰীড়া জগতত খলকনি তোলা ত্ৰিপুৰাৰ উদীয়মান জিমনাষ্টগৰাকীয়ে পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে অলিম্পিক এবছৰৰ বাবে পিছুওৱাৰ ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে। ইতিমধ্য়ে আঠখন বিশ্বকাপ সম্পন্ন হৈ গৈছে। কিন্তু এতিয়াও দুখন বিশ্বকাপ বাকী আছে। অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা দুখন মাৰ্চত হোৱাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে জুনলৈ পিছুৱাই দিয়া হৈছে। কিন্তু অলিম্পিক ২০২১ লৈ পিছুৱাই দিয়াত বাকী থকা বিশ্বকাপ দুখনো অহা বছৰলৈ পিছুৱাই যোৱাটো নিশ্চিত। তেতিয়ালৈকে মই সুস্থ হৈ উঠিম আৰু টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ এক ৰেঙনি দেখিবলৈ পাইছোঁ। দীপা কৰ্মকাৰে এইদৰে কয়। প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ সম্প্ৰতি শাৰীৰিক সুস্থতাৰ ওপৰত অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি উদীয়মান জিমনাষ্টগৰাকীয়ে লগতে কয় যে টকিঅ’ অলিম্পিকলৈ
যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ এতিয়াও আশাবাদী । ইফালে ২৬ বছৰীয়া খেলুৱৈগৰাকীৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে কয় যে দীপা এতিয়া সম্পূৰ্ণৰূপে সুস্থ। কিন্তু জিমনাষ্টিকছৰ দৰে দুঃসাহসিক খেলৰ বাবে উন্নত ফিটনেছৰ প্ৰয়োজন। সেয়ে অনাগত কেইটামান মাহৰ ভিতৰতহে দীপাৰ অনুশীলন পূৰ্ণোদ্যমে আৰম্ভ কৰিব পৰা যাব।