নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ বছৰ পিছত জ্বালামুখী বিস্ফোৰণ, চমকিত বিজ্ঞানী

ইথিঅ’পিয়াৰ আফাৰ অঞ্চলত হেইলি গুবি নামৰ জ্বালামুখীত বিস্ফোৰণ হয়। এই বিস্ফোৰণ ইমান ভয়াৱহ আছিল যে ইয়াৰ ধূলি-ছাই উত্তৰ ভাৰতৰ দিশলৈ আগবাঢ়ি আহিছে, যাৰ ফলত DGCA তথা বায়ু পৰিবহণ সংস্থাসকল ফ্লাইট চলাচলৰ ওপৰত নজৰ ৰাখিব আৰম্ভ কৰিছে।

হেইলি গুবি জ্বালামুখীৰ পৰা ওলোৱা ধোঁৱা ১৮ কিলোমিটাৰ ওপৰলৈ গৈ ৰেড সাগৰ পাৰ হৈ য়েমেন আৰু ওমানলৈ পৰ্যন্ত বিস্তৃত হয়। ই অতি পুৰণা আৰু দীৰ্ঘদিন নিস্তব্ধ জ্বালামুখী আছিল, অৰ্থাৎ ইয়াৰ পূৰ্বে বিস্ফোৰণৰ কোনো ৰেকৰ্ডেই নাছিল।

১০ হাজাৰ বছৰ পিছত ই কেনেকৈ ফুটি উঠিল আৰু ইয়াৰ ভাৰতত কি প্ৰভাৱ পৰিব পাৰে, তাক লৈ শংকিত হৈ পৰিছে বিজ্ঞানী।

এই ঘটনাত কোনো মৃত্যুৰ খবৰ অহা নাই, কিন্তু য়েমেন আৰু ওমানৰ চৰকাৰে বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত সমস্যাযুক্ত লোকসকলক সতৰ্কতা অবলম্বন কৰিবলৈ কয়। এমিৰেট ছ্ট্ৰ’নমিকেল ছ’চাইটিৰ চেয়াৰমেনে কয়— “ই বিজ্ঞানীৰ বাবে অতি দুষ্প্ৰাপ্য সুযোগ, বহুকাল পিছত জাগ্ৰত হোৱা এটা জ্বালামুখীক ওচৰ পৰা অধ্যয়ন কৰিবলৈ।” বিজ্ঞানীৰ মতে, যদিও এতিয়া জ্বালামুখী শংকাময় লাগে, তথাপিও shield volcano-ত এনেধৰণৰ প্ৰথম বিস্ফোৰণৰ পিছত কেতিয়াবা পুনৰ ফুটি উঠাৰ সম্ভাৱনা থাকে।

জ্বালামুখী হৈছে পৃথিবীৰ ওপৰত থকা প্ৰাকৃতিক ফাটৰ দৰে স্থান, য’ৰ পৰা মাটিৰ অভ্যন্তৰৰ মেগ্মা, লাভা, ধূলি, গেছ প্রভৃতি বিস্ফোৰণৰ সৈতে ওলাই আহে।

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like