নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাত গৃহীত বহুবিবাহ প্রতিৰোধী বিধেয়ক

ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’ল সদন, সদনত বিতর্কত অংশ লৈ বিৰোধীক তুলাধুনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ, বহুবিবাহবিৰোধী বিধেয়কৰ জৰিয়তে নিষ্পেষিত মুছলমান মহিলাই পাব জীয়াই থকাৰ অধিকাৰ, বহুবিবাহে অসমৰ মুছলমান মহিলাৰ জীয়াই থকাৰ অধিকাৰখিনি কাঢ়ি লৈ গৈছে ১২ বছৰ বয়সত ছোৱালী মাতৃ হৈছে, ১৮–২০ বছৰ বয়সৰ ছোৱালীক ৬০–৭০ বছৰীয়া মাতব্বৰে বিয়া কৰাই ট্রফী এটা যেন ঘৰলৈ আনিলে তেনেদৰে মানুহক প্রদর্শন কৰিছে

দীঘলীয়া চর্চা তথা বিতর্কৰ অন্তত অসম বিধানসভা সাক্ষী হ’ল এক ঐতিহাসিক মুহূর্তৰ৷ নাৰী সবলীকৰণৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, বাল্যবিবাহ প্রতিৰোধ, পঞ্চায়তত ৫০ শতাংশ মহিলা সংৰক্ষণৰ পাছত অসম বিধানসভাত গৃহীত হ’ল বহুবিবাহ প্রতিৰোধী বিধেয়ক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত বিধেয়কখন পাৰিত কৰি ৰাজ্যখনৰ মুছলমান মহিলাসকলৰ বাবে কঢ়িয়াই আনিলে এক সুখবৰ৷

এই বিধেয়কখন কেৱল মুছলমান সম্প্রদায়ৰ মাজতে আবদ্ধ নহ’ব৷ হিন্দু, খ্রীষ্টান সকলোৰে বাবে এই বিধেয়কখন প্রযোজ্য হ’ব৷ সদনত আজি এই বিধেয়কখন অনুমোদনৰ বাবে উত্থাপন কৰাৰ পাছত দীর্ঘসময় ধৰি চলা বিতর্কৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– নাৰী সবলীকৰণৰ দিশটোক এই চৰকাৰখনে সদায় অগ্রাধিকাৰ দি আহিছে৷ অৰুণোদয় আঁচনিৰ জৰিয়তে পোনপ্রথমে চৰকাৰখনে নাৰীৰ স্বাভিমান বর্তাই ৰখাৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰিছিল৷

অৰুণোদয় আঁচনিৰ জৰিয়তে এগৰাকী নাৰীয়ে ঘৰখনত নিজৰ গুৰুত্ব তথা আত্মসন্মান বজাই ৰাখিবলৈ সক্ষম হৈছে৷ একেদৰে নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্যবিবাহ প্রতিৰোধৰ ব্যৱস্থা লোৱা হৈছে৷ এই আঁচনিয়ে ৰাজ্যত বাল্যবিবাহ প্রায় বন্ধ কৰিবলৈ সক্ষম হৈছে৷ নাৰী সবলীকৰণত বাল্যবিবাহ ৰোধ, নিযুত মইনা আঁচনি, অৰুণোদয়, পঞ্চায়তত আসন সংৰক্ষণ, চাকৰিত আসন সংৰক্ষণৰ পিছত ইয়াৰ পিছৰ পর্যায় আছিল বহুবিবাহ প্রতিৰোধ৷

বিৰোধীৰ কেইবাগৰাকীও সদস্যই বিধেয়কখন কেৱল মুছলমান সম্প্রদায়ক লক্ষ্য কৰি কৰা হৈছে বুলি উল্লেখ কৰি চৰকাৰে ইয়াক লৈ ৰাজনীতি কৰা বুলিও অভিযোগ তোলে৷ ইয়াৰ প্রত্যুত্তৰত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– নিশ্চিতভাৱে ইয়াক আমি ৰাজনীতিৰ বাবে কৰিছোঁ৷ কিন্তু এই ৰাজনীতি নিপীড়িত–নিষ্পেষিত সমাজখনৰ মহিলাৰ বাবে৷ মুছলমান সমাজৰ হৈ তথা ইছলামিক ৰীতি–নীতিক লৈ সৰৱ হৈ অহা লোকসকল হৈছে পুৰুষ৷ ৰাজ্যৰ ৩৫টা সমষ্টিত মুছলমান সমাজে কোন বিধায়ক জিকিব তাক নির্ণয় কৰে৷

কিন্তু সদনে বহু বছৰ ধৰি মুছলমান মহিলাক বিধায়ক হিচাপে দেখা পোৱা নাই৷ বাল্যবিবাহ আৰু বহুবিবাহে অসমৰ মুছলমান সমাজৰ মহিলাসকলৰ মুখৰ পৰা, মহিলাসকলৰ হাতৰ পৰা জীয়াই থকাৰ নূ্যনতম অধিকাৰখিনিও কাঢ়ি লৈ গৈছে৷ ১২ বছৰ বয়সত ছোৱালী মাতৃ হৈছে৷ ৬০–৭০ বছৰীয়া ব্যক্তিয়ে মাতব্বৰ হোৱাৰ বাবেই ১৮–২০ বছৰৰ ছোৱালীক বিয়া কৰাই ট্রফী এটাৰ দৰে লৈ আহে৷ তেনেদৰে মানুহক প্রদর্শন কৰিছে৷ কাৰোবাৰ গোচৰ চলিলে তেওঁৰ ঘৰত ১৮–২০ বছৰীয়া ছোৱালী থাকিলে মাতব্বৰে বিচাৰ কৰি বিয়া কৰাই লৈ আহে৷ সেই নিষ্পেষিত সমাজত মাতৃসকলক আজি আমি আইনৰ দৃষ্টিৰে অধিকাৰ এটা দিবলৈ প্রচেষ্টা চলোৱা হৈছে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হিন্দুও বহুবিবাহৰ পৰা মুক্ত নহয়৷ কোনোবাই যদি কয়– এই বিধেয়কখনৰ জৰিয়তে মুছলমান সমাজক টার্গেট কৰা হৈছে, তেন্তে দ্বিধাহীনভাৱে ক’ম– আমাৰ হিন্দু সমাজতো বহুবিবাহ বিক্ষিপ্ত ৰূপত আছে৷ এই বহুবিবাহসমূহো বন্ধ কৰাৰ দায়িত্ব আমাৰ৷ আজি উত্থাপিত বিলখনত ক’তো উল্লেখ কৰা হোৱা নাই যে বহুবিবাহ মুছলমান লোকৰ মাজত বন্ধ হ’ব, বহুবিবাহ হিন্দু–খ্রীষ্টানৰ মাজতো বন্ধ হ’ব৷

বিধানসভাই অনুমোদন জনোৱা বহুবিবাহ প্রতিৰোধী বিধেয়কত ষষ্ঠ অনুসূচীৰ এলেকাত ই প্রযোজ্য নোহোৱা সন্দর্ভত বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে যে স্বায়ত্তশাসনৰ অর্থ উপলব্ধি কৰিব লাগিব আমি সকলোৱে৷ ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীয়ে আজি বিটিচিক প্রশাসনিক ক্ষমতাই নহয়, বিধায়িনী ক্ষমতাও প্রদান কৰিছে৷ সেয়েহে মই আশা কৰোঁ– বিধানসভাই আজি বহুবিবাহ প্রতিৰোধী বিধেয়কত অনুমোদন জনোৱাৰ পিছত অনুৰূপ ধৰণে বিটিচি আৰু কার্বি আংলং–ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদতো নিশ্চয় এনে এখন বিধেয়কত অনুমোদন দিব৷ কিন্তু জনজাতীয় লোকসকলৰ ওপৰত আমি কোনো আইন জাপি দিব নোৱাৰোঁ৷ জনজাতীয় এলেকাত পৰম্পৰাগত আইন প্রাচীন কালৰে পৰা চলি আহিছে৷

আজি ট্রাইবেল লোকসকলক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্রয়োজন নাই৷ সেই লোকসকলে নিজস্ব চিন্তা–চর্চাৰে আগবাঢ়ি গৈছে৷ কিন্তু আজি জনজাতীয় লোকসকলৰ মাজত বহুবিবাহৰ পৰম্পৰা নাই৷ জনজাতীয় পৰম্পৰাক আমি যে সন্মান জনাওঁ তাৰ এক বার্তা বিধানসভাই বাৰে বাৰে দিয়াৰ প্রয়োজন আছে৷ কিয়নো তেওঁলোকৰ ভূমি, তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি দপ্দপাই আছোঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই বহুবিবাহ প্রতিৰোধী বিধেয়কৰ প্রসংগত কয়– ভাৰতৰ সংসদে শ্বৰিয়ৎ আইন–১৯৩৭ক স্বীকৃতি দি থৈছে৷ গতিকে হিন্দুসকলে বহুবিবাহ কৰিলে গ্রেপ্তাৰ হ’ব৷ কিন্তু মুছলমান লোক এজনে বহুবিবাহৰ বাবে গ্রেপ্তাৰ নহ’ব৷

শ্বৰিয়ৎ আইনে তেওঁক এই অধিকাৰ প্রদান কৰিছে৷ সেয়েহে শ্বৰিয়ৎ আইন থকাৰ পাছতো ৰাজ্যখনে বহুবিবাহ প্রতিৰোধী বিধেয়ক অনাৰ ক্ষেত্রত কিছু আইনী কাম আছে৷ এই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই ২০২৩ চনৰ ১২ মে’ত ন্যায়াধীশ ৰুমী বৰফুকন, মহাধিবক্তা দেৱজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলীন কোহলি আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক লৈ এখন কমিটী গঠন কৰা হৈছে৷ এই কমিটীখনে বহুবিবাহ প্রতিৰোধী আইন সন্দর্ভত ৰাইজৰ পৰা মতামত গ্রহণ কৰিছিল৷ আচৰিত ধৰণে অসমৰ ইছলাম সমাজে এই আইনখনৰ প্রতি পূর্ণ সমর্থন দিছিল৷ বহুবিবাহক সমর্থন কৰি মাত্র দুখন আবেদনহে কমিটীখনে লাভ কৰিছিল৷

আনসকলে আইনখনক সমর্থন কৰি বহুবিবাহ প্রতিৰোধৰ বাবে চৰকাৰৰ পদক্ষেপক ধন্যবাদ দিছিল৷ ইয়াৰ কাৰণ হ’ল– অসমৰ ভূমিৰ এক অদ্ভুত শক্তি আছে৷ এই ভূমিত সতী সাধিনীৰ জন্ম হৈছিল, সতী ৰাধিকাই জন্ম পাইছিল, এই মাটিত মূলাগাভৰু, কনকলতাই জন্ম পাইছিল৷ এই মাটিৰ উর্বৰা শক্তিয়ে ক’ৰবাত নহয় ক’ৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাতো ক্রিয়া কৰিছিল৷ সেয়েহে পশ্চিমবংগত যি সম্ভৱ হোৱা নাই, সেই কাম আজি অসমত সম্ভৱ হৈছে৷

আজি বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্রই বহুবিবাহ সম্পূর্ণৰূপে নিষিদ্ধ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিধেয়কখনৰ জটিলতাৰ এটা দিশ উল্লেখ কৰি কয়–এই বিধেয়কখন বিধানসভাত অনুমোদনৰ পাছত ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ পৰিৱর্তে ৰাষ্ট্রপতিৰ ওচৰলৈ যাব৷ কিয়নো সংসদে শ্বৰিয়ৎ বিধেয়কত অনুমোদন জনোৱাৰ পাছত একেধৰণৰ বিধেয়ক এখন ৰাজ্যই গ্রহণ কৰিলে বিধেয়কখন ৰাষ্ট্রপতিয়েহে অনুমোদন দিব পাৰিব৷

উমৈহতীয়া সূচীত থকা যিকোনো বিষয়ত ৰাষ্ট্রপতিৰ অনুমোদনক্রমে ৰাজ্যই বিষয়টো নিজাকৈ প্রযোজ্য কৰিব পাৰে৷ মই আশা কৰিছোঁ– দেশৰ ৰাষ্ট্রপতিয়ে এই বিধেয়কখনত নিশ্চিতভাৱে অনুমোদন দিব৷ উল্লেখ্য যে আজি বিধানসভাই অনুমোদন জনোৱা বহুবিবাহ প্রতিৰোধী বিধেয়কখনত কেইবাটাও গুৰুত্বপূর্ণ দিশ উল্লেখ কৰা হৈছে৷

এই আইন অনুসৰি প্রথমা পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰালে ৭ বছৰ পর্যন্ত কাৰাবাসৰ বিধান আছে৷ আনহাতে প্রথম বিবাহক গোপনে ৰাখি পুনৰ দ্বিতীয় বিবাহ কৰোঁতাৰ জৰিমনাসহ ১০ বছৰ জে’ল হ’ব৷ এই অপৰাধৰ পুনৰাবৃত্তি কৰিলে পৰৱর্তী প্রতিটো অপৰাধৰ বাবে দোষীয়ে ভুগিব লাগিব দুগুণ শাস্তি৷

বিধেয়কখনত উল্লেখ কৰা অনুসৰি ইচ্ছাকৃতভাৱে বহুবিবাহ কার্যত সহযোগ অথবা তথ্য গোপনে ৰখা পিতৃ–মাতৃ, গাঁওবুঢ়া, কাজি, অভিভাৱকে আদায় দিব লাগিব এক লাখ টকা জৰিমনাৰ লগতে দুবছৰৰ কাৰাবাস৷ একে সময়তে আইন উলংঘাৰে বহুবিবাহ অনুষ্ঠান সম্পন্ন কৰোঁতাই ৫০ লাখ টকা পর্যন্ত জৰিমনাসহ দুবছৰ থাকিব লাগিব কাৰাবাসত৷

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ

You might also like