নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই পুনৰ মুখ্যমন্ত্রী হ’লে অসমত প্রয়োগ হ’ব UCC : মুখ্যমন্ত্ৰীৰ ঘোষণা

সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা, পুনৰ মুখ্যমন্ত্রী হ’লে অসমত প্রয়োগ হ’ব ইউচিচি (অভিন্ন দেৱানী বিধি), সদনৰ প্রথম অধিৱেশনত অনা হ’ব ইউচিচি বিধেয়ক, ভগৱানে শক্তি দিলে মহিলাৰ নূ্যনতম বিবাহৰ বয়স ২১লৈ বৃদ্ধি কৰিম, ফেব্রুৱাৰীত লাভ জেহাদৰ বিৰুদ্ধে আহিব আইন, ১ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩ হাজাৰ টকালৈ বৃদ্ধিৰ ইংগিত

ৰাজ্যত পুনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ২০২৬ চনত বিজেপি চৰকাৰ গঠন হ’লে অসমত প্রয়োগ হ’ব ইউনিফর্ম চিভিল ক’ড, চমুকৈ ইউচিচি (অভিন্ন দেৱানী বিধি)৷ এই কথা অসম বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বহুবিবাহ প্রতিৰোধী আইন বিধানসভাত গৃহীত হোৱাৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই এই কথা ঘোষণা কৰে– মই পুনৰ মুখ্যমন্ত্রী হৈ উভতি আহিলে সদনত ইউচিচি আনিম৷ বিৰোধীক উদ্দেশ্যি মুখ্যমন্ত্রীৰ মন্তব্য– মোক যিমান পাৰি ৰখাই লওক, যিয়ে যেনেকৈ পাৰে বাধা দিয়ক৷ কিন্তু ভুলতো মই মুখ্যমন্ত্রী হ’লে প্রথম অধিৱেশনতেই ইউচিচি আনিম৷ বিৰোধী বিধায়ক অখিল গগৈক কটাক্ষ কৰি সদনত মুখ্যমন্ত্রীয়ে কয়– মোক ৰখোৱাৰ বাবে অখিল গগৈৰ দায়িত্ব বাঢ়িল৷ আপোনালোকে আৰু কষ্ট কৰক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু যদি আমাক ৰখাব নোৱাৰে, মই প্রতিশ্রুতি দিলোঁ– অসমত ইউচিচি আনিম৷

অসমৰ মুখ্যমন্ত্রী হৈ যদি মই উভতি আহিব পাৰোঁ, ইউচিচি আনিমেই৷ আনহাতে অসমত ছোৱালীৰ বিবাহৰ বয়স নূ্যনতম ২১ বছৰ কৰা হ’ব বুলিও আজি বিধানসভাত ঘোষণা কৰে মুখ্যমন্ত্রীয়ে৷ বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে আৰু বিধানসভাত গৃহীত হোৱা বহুবিবাহ প্রতিৰোধী আইনৰ পাছত এইবাৰ চৰকাৰে যুৱতীৰ বিবাহৰ বয়স ২১ বছৰ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰি কয়– মোক যদি ভগৱানে শক্তি দিয়ে, অহাবাৰ মহিলাৰ বিয়াৰ নূ্যনতম বয়স হ’ব ২১ বছৰ৷ ১৮ বছৰৰ পৰা বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হ’ব৷

এই চৰকাৰখনৰ টার্গেটত আছিল বহুবিবাহ প্রতিৰোধ আৰু বাল্যবিবাহ বন্ধ কৰা৷ এই দুয়োটাই হোৱাৰ পাছত যুৱতীৰ বিয়াৰ নূ্যনতম বয়স হ’ব ২১ বছৰ৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– এই চৰকাৰখনে নির্বাচনত দিয়া প্রতিটো প্রতিশ্রুতি পূৰণ কৰা অসমৰ ইতিহাসত এইখনেই এখন চৰকাৰ৷

অহা ১ জানুৱাৰীত অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩ হাজাৰ টকাতকৈ বেছি কৰাৰ ইংগিত প্রদান কৰি আজি মুখ্যমন্ত্রীয়ে বিধায়ক অখিল গগৈক উদ্দেশ্যি কয়– ১ জানুৱাৰীত এইক্ষেত্রত কৰা হ’ব ঘোষণা৷ আপুনি নিশ্চিত থাকক, ১ জানুৱাৰীত মই যিটো গুলী ফুটাম আপুনি নির্বাচনত উঠিব নে নাই চিন্তা কৰিব৷

মুখ্যমন্ত্রীয়ে অহা ফেব্রুৱাৰী মাহত বিধানসভাৰ অধিৱেশনত লাভ জেহাদৰ বিৰুদ্ধেও আইন আনিব বুলি মন্তব্য কৰে৷

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ

You might also like