নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জনগোষ্ঠীক জনজাতিকৰণৰ দিহা, ড০ শর্মা চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ

🔹 শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত মন্ত্রীগোটৰ বহুপ্রত্যাশিত প্রতিবেদন দাখিল

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : চাহ শ্রমিকক ভূমিপট্টা প্রদানৰ সিদ্ধান্তৰ পিছতে অসম বিধানসভাই আন এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰে৷ ব্যাপক চর্চা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই সদনৰ মজিয়াত ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে আনুষ্ঠানিকভাৱে দাখিল কৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কীয় প্রতিবেদন৷ ইয়াৰ লগে লগে আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী–চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ তৎপৰতাত প্রশস্ত হৈ পৰিল৷

ৰাজ্যৰ বিভিন্ন প্রান্তত জনজাতিকৰণৰ দাবীত চলি থকা আন্দোলনৰ মাজতে কালি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা চৰকাৰে দাখিল কৰে বহু প্রত্যাশিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ প্রতিবেদন৷ মন্ত্রীগোটৰ অধ্যক্ষ জনজাতি পৰিক্রমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত ‘ৰিপ’ৰ্টছ অৱ দ্য কমিটী অৱ গ্রুপ অৱ মিনিষ্টার্ছ টু এগজামিন এণ্ড ছাজেষ্ট অন দ্য ডিফাৰেণ্ট এছপেক্টছ অৱ ৰিজার্ভেচন অৱ ছিক্স কমিউনিটিজ ইন দ্য ষ্টেট’ শীর্ষক প্রতিবেদনখনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেতবোৰ গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়োৱা হৈছে৷ ইয়াৰে প্রধান আৰু একমাত্র পৰামর্শটোৱে হ’ল বর্তমানে জনজাতিৰ সুবিধা ভোগ কৰি থকা জনগোষ্ঠীসমূহৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক কার্যতঃ অনুৰূপ ধৰণে উপকৃত কৰা৷ ইয়াৰ বাবে জনজাতিৰ ক্ষেত্রত প্রচলিত ‘ভৈয়াম’ আৰু ‘পাহাৰীয়া’ শ্রেণীৰ লগতে সংযোজন ঘটোৱা হৈছে ‘উপত্যকা’ৰ৷ তদুপৰি ৬ জনগোষ্ঠীক এই শ্রেণীত অন্তর্ভুক্ত কৰাবলৈ মন্ত্রীগোটে দুটা শাখাত বিভক্ত কৰাৰ প্রস্তাৱ দিছে৷ সেই অনুসৰি আহোম, চুতীয়া, চাহ জনগোষ্ঠী–আদিবাসী আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি (উপত্যকা)ত অন্তর্ভুক্ত কৰাৰ বিপৰীতে মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতি (ভৈয়াম)ৰ মর্যাদা প্রদানৰ ব্যৱস্থা ৰাখিছে মন্ত্রীগোটে৷

অৱশ্যে, অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি (ভৈয়াম)ৰ মর্যাদা প্রদানৰ ক্ষেত্রত বড়োলেণ্ড প্রাদেশীয় পৰিষদ চমুকৈ বিটিচিৰ আপত্তিবিহীনতাৰ প্রমাণ–পত্র (এনঅ’চি) প্রয়োজনীয়তাৰ কথাও প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে৷ মন্ত্রীগোটে এইক্ষেত্রত জনগাঁথনিমূলক চাৰিত্রিক বৈশিষ্ট্য, অঞ্চলভিত্তিক চিনাক্তকৰণ আদিৰ ক্ষেত্রত সামাজিক সংগঠনৰে আলোচনাৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰে৷ প্রতিবেদনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতি (ভৈয়াম)ত অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত বিশেষভাৱে বিৰোধিতা কৰা হোৱা নাছিল৷ ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাক লৈ গঠন হোৱা মন্ত্রীগোটে প্রস্তুত কৰা এই প্রতিবেদন কালি বিধানসভাত দাখিলৰ পাছত পৰৱর্তী সময়ত কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ প্রেৰণ কৰা হ’ব৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্রীয় চৰকাৰে৷ সেয়েহে কালি দাখিল কৰা প্রতিবেদনত মন্ত্রীগোটে এইক্ষেত্রত উল্লেখ কৰিছে যে বর্তমানৰ অনুসূচিত জনজাতিসমূহৰ পৰিচয়, অধিকাৰ, ৰাজনৈতিক প্রতিনিধিত্ব ৰক্ষাৰ লগতে ছয় জনগোষ্ঠীৰ দশকজোৰা আকাংক্ষা সমাধানৰ ক্ষেত্রত ৰাজ্যখন এতিয়া এক নির্ণায়ক মুহূর্তত থিয় দিছে৷ এই প্রতিবেদনত প্রস্তাৱিত কাঠামো–সাংবিধানিক ব্যৱস্থা, ন্যায্য সংৰক্ষণৰ গাঁথনি, শক্তিশালী পৰীক্ষণ ব্যৱস্থা আৰু আলোচনাই স্থায়ী পথ মুকলি কৰিছে৷ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ উভয়ৰে সামূহিক সদিচ্ছা, নিৰন্তৰ আলোচনা আৰু সময়োপযোগী ব্যৱস্থা গ্রহণ কৰিলে ন্যায্য আৰু সর্বাংগীণ সংকল্প লাভ কৰিব পৰা যাব বুলি চৰকাৰৰ বিশ্বাস৷

প্রতিবেদনত ছয় জনগোষ্ঠীক বিশেষাধিকাৰ দিয়া উচিত বুলিও পৰামর্শ প্রদান কৰিছে মন্ত্রীগোটে৷ প্রতিবেদনত উল্লেখ কৰিছে যে ভৱিষ্যৎ প্রজন্মৰ বাবে সেই সম্প্রদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা উচিত৷ ৰাজ্য চৰকাৰে তেওঁলোকৰ ভূমিৰ লগতে বর্তমানৰ জনজাতিৰ ভূমিৰ নিজ নিজ সম্প্রদায়ৰ বাহিৰে আন ব্যক্তিলৈ হস্তান্তৰ কৰাত বাধা দিব লাগে৷ ইয়াৰ বাবে আইন প্রণয়ন কৰিলে তেওঁলোকৰ ভূমি সুৰক্ষা আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায়ক হ’ব৷ প্রতিবেদনত বর্তমানৰ জনজাতীয় জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ ঐতিহ্য, ভাষা, সংস্কৃতি, ৰীতি–নীতি আৰু ধর্মীয় বিশ্বাস সংৰক্ষণ কৰাটো গুৰুত্বপূর্ণ বুলি অনুভৱ কৰাৰ কথা উল্লেখ কৰিছে৷ এই লক্ষ্যত উপনীত হ’বলৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগে ছটা সম্প্রদায়ক আর্থিক সাহায্য প্রদান কৰিব লাগে৷ প্রতিবেদনত অসমৰ অনুসূচিত জাতি–সম্প্রদায়সমূহৰ প্রচলিত আর্থ–ৰাজনৈতিক, অর্থনৈতিক, সংস্কৃতি আৰু শৈক্ষিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে৷ এইটোৱে ৰাজ্যখনৰ বর্তমানৰ আন্দোলনৰ মূল কাৰণ৷ জনগাঁথনিত আগ্রাসনৰ বাবে অসমৰ খিলঞ্জীয়া জনসাধাৰণে এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ মাটি আৰু সংস্কৃতি হেৰুৱাই পেলোৱাৰ উপক্রম হৈছে৷ প্রতিবেদনত ইয়াকো আঙুলিয়াই দিয়া হৈছে যে এই বিষয়সমূহ পূর্বে আলোচনা কৰি এক প্রকৃত ব্যৱস্থা প্রস্তুত কৰিব লাগিছিল৷ এই পন্থা আগতেই লোৱা হ’লে সমস্যাটো সমাধান হ’লহেঁতেন৷ কিন্তু নিষ্ক্রিয়তাৰ পৰিপ্রেক্ষিতত ৰাজ্যত বিগত কেইবাবছৰ ধৰি ধাৰাবাহিকভাৱে আন্দোলনৰ কার্যসূচী ৰূপায়ণ হৈছে৷ মন্ত্রীগোটে দৃঢ়ভাৱে অনুভৱ কৰে যে এতিয়া সকলো জনগোষ্ঠীকে একত্রিত কৰিব লাগে আৰু সামূহিকভাৱে দীর্ঘদিন ধৰি ৰৈ থকা সমস্যাসমূহ সমাধানৰ প্রচেষ্টা চলাব লাগে৷

মন্ত্রীগোটে প্রতিবেদনত উল্লেখ কৰা আন এক গুৰুত্বপূর্ণ পৰামর্শ হৈছে যে লোকসভাত সমষ্টিসমূহ স্থায়ীভাৱে সংৰক্ষিত কৰা৷ প্রতিবেদনত এই সন্দর্ভত উল্লেখ কৰিছে যে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহ সামৰি লোৱা লোকসভা সমষ্টিসমূহ সাংবিধানিক সংশোধনীৰ জৰিয়তে বর্তমানৰ জনজাতিৰ বাবে স্থায়ীভাৱে সংৰক্ষিত কৰা হওক, যাতে ভৱিষ্যতে সমষ্টিৰ সীমা নির্ধাৰণৰ অনুশীলন যিয়েই নহওক কিয়, এই আসনসমূহ সংৰক্ষিত হৈ থাকে৷ জনগাঁথনিৰ পৰিৱর্তনৰ প্রতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰু ডিফু লোকসভাৰ আসন ক্রমে এছটি (পি) আৰু এছটি (হিল্ছ)ৰ বাবে স্থায়ীভাৱে সংৰক্ষিত হ’ব লাগিব৷ এছটি (ভেলী)ৰ বাবে সদনত অতিৰিক্ত আসন সংৰক্ষিত হ’ব লাগে৷ কাৰণ ৰাজ্যত এতিয়া বৃহৎসংখ্যক লোকক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিলে সংৰক্ষণৰ সংখ্যা স্বয়ংক্রিয়ভাৱে বৃদ্ধি হ’ব৷ প্রতিবেদনৰ আৰম্ভণিতে মন্ত্রীগোটে এই দিশটো স্পষ্ট কৰি দিছে যে অসম চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ কৰিব যে অসমৰ অনুসূচিত জনজাতিসমূহৰ তিনিটা স্তৰৰ শ্রেণী বিভাজনৰ বিধিগত স্বীকৃতি প্রদান কৰিব লাগে৷ বর্তমানৰ জনজাতীয় জনগোষ্ঠীৰ অধিকাৰ আৰু বিশেষাধিকাৰত কোনো প্রভাৱ নপৰাকৈ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়া অসম বিধানসভাৰ প্রস্তাৱৰ লগত এই ব্যৱস্থা সামঞ্জস্যপূর্ণ হ’ব৷

You might also like