নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩০ নৱেম্বৰ : “আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি/কুঁৱলী নথকা হ’লে দেখিলোঁহেঁতেন বা পতা-সোণ বৰণীয়া ধানৰ আঁচল/দেখিলোঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিমিক খৰ কাচিবোৰ/ দেখিলোঁহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে’ তুলিবৰে সময় নোপোৱা” – কেশৱ মহন্ত। এতিয়া হিমসনা আঘোণৰ বতৰ। কৃষক ৰাইজৰ বহু আশা আৰু হেঁপাহৰ এই আঘোণ মাহ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময় এয়া আঘোণ। শাওণৰ ভৰা পথাৰত দুপতীয়া সেউজী সপোনৰ বীজ সিঁচা ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত পকা ধান চপোৱাত ৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষিপ্ৰধান সমাজখনে বছৰটোৰ বাবে আঘোণতে চপাই থয় সোণগুটি ৷ প্ৰতি বছৰৰ দৰে এইবাৰো ঢকুৱাখনাৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা। পথাৰৰ থোকভৰা লখিমীক ঘৰলৈ দাই নিয়াত পুৱাৰ পৰা গধূলিলৈ ব্যস্ত। লক্ষণীয় যে সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবিয়ে প্ৰাণ পাই উঠে এই আঘোণৰ পথাৰত। সাউৰী দিয়া প্ৰথা ইয়াৰ যেন এক উজ্জ্বল নিদৰ্শন। য’ত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই আছে। আধুনিকতাৰ ধামখুমীয়াত কালৰ গতিত হেৰাই গৈছে অসমীয়া চহা জীৱনৰ সৈতে জড়িত কিছু পৰম্পৰা।
অসমীয়া লোকজীৱনৰ সৈতে সংপৃক্ত আছিল সাউৰী দিয়া পৰম্পৰা। বিনা পাৰিশ্ৰমিকে সমূহীয়াকৈ আনক সহায় কৰা বা আনৰ পৰা সহায় লোৱা কাৰ্যই হৈছে ‘সাউৰী প্ৰথা’। আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আৰু কৃষ্টি যেন আধুনিকতাৰ গ্ৰাসত বিলুপ্তিৰ পথত গতি কৰিছে। কিন্তু, আধুনিকতাৰ ধামখুমীয়াত অসমৰ গাঁৱৰ পৰা প্ৰায় লুপ্ত হোৱা সাউৰী প্ৰথা আজিও বর্তি আছে ঢকুৱাখনাৰ পথাৰত। পথাৰৰ আলিয়েদি, শৰ ফলা ধানৰ মাজেদি সমৃদ্ধিৰ অহা-যোৱা। সমন্বয় আৰু সহযোগিতাৰ বার্তাবাহক সাউৰী দিয়া প্ৰথাৰ জৰিয়তে গাঁৱে গাঁৱে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। অসমীয়া লোকজীৱনৰ সৈতে সংপৃক্ত সাউৰী দিয়া পৰম্পৰাৰ মাজেৰে গাঁৱৰ জীয়ৰী-বোৱাৰী একগোট হৈ ইজনে সিজনক সোণগুটি চপোৱাত সহায় কৰি দেখুৱাইছে একতাৰ নিদর্শন। উল্লেখ্য যে প্ৰতিবছৰে ঢকুৱাখনাৰ একাংশ অঞ্চলত মহিলাসকলে সমন্বয়ভাৱে কৃষকৰ ধান চপাই দিয়াত সহায় কৰি আহিছে। গাঁৱৰ মহিলাসকলে একেলগে গাঁওখনৰ প্ৰতিগৰাকী কৃষকৰ পথাৰত সমজুৱাভাৱে ধান কটাৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে। কোনোবাই যদি ধান কাটিছে, আন কোনোবাই জিৰিক জিৰিক শব্দেৰে ঘৰলৈ ডাঙৰি কঢ়িয়াইছে। ভৰ দুপৰৰ চোকা ৰ’দত ছটফটাই উঠা শৰীৰটোক ক্ষণিক শান্তি দিবলৈ কোনোবাই একেলগে বহি হাঁহি-মাতি ৰবাব টেঙাৰ সোৱাদ লৈছে। কাৰোবাৰ মুখত যদি বিহুনাম, আন কাৰোবাৰ মুখত আকৌ হৰিনামৰ কলি- দাৱনীৰ হাঁহি-খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বিস্তীৰ্ণ পথাৰ। নাই ভাগৰ, নাই মনৰ দুখ। মুঠৰ ওপৰত দাৱনীসকলে ধান দাই থকাৰ মাজতে উপভোগ কৰিছে আঘোণৰ ৰৌদ্ৰোজ্জ্বল দুপৰীয়া ৷