নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙত ব্যক্তিগত ফাৰ্মাচীত ভুল চিকিৎসাত প্ৰাণ গ’ল ফুলকুমলীয়া শিশুৰ

নিয়মীয়া বাৰ্তা, ধিং, ২ ডিচেম্বৰ : নগাঁও জিলাৰ ধিং বজাৰত অৱস্থিত ৰাজ মেডিকেল নামৰ এখন ফাৰ্মাচীত আজি এটি শিশু ভুল চিকিৎসাৰ বলি হৈ মৃত্যুমুখত পৰে ৷

জানিব পৰা মতে, ধিঙৰ লহকৰ গাঁৱৰ ছহিদুল ইছলামৰ তিনি বছৰীয়া পুত্ৰক কুকুৰে কামুৰিছিল। শিশুটিক জলাতংক ৰোগৰ বেজী দিবৰ বাবে প্ৰথম অৱস্থাত ধিং এফ আৰ ইউত উপস্থিত হয় যদিও চিকিৎসালয়ত জলাতংক ৰোগৰ বেজী নথকাত ধিং বজাৰৰ ৰাজ মেডিকেল ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিছিল ৷ শিশুটিৰ পিতৃ ছহিদুল ইছলামে ধিং এফ আৰ ইউলৈ পুনৰ বেজীটো দিবৰ বাবে  শিশুটিক লৈ যাব বিচাৰে যদিও বেজী দিয়ে ফাৰ্মাচীৰ এজন অনভিজ্ঞ কৰ্মচাৰীয়ে।

উল্লেখ্য যে স্বাস্থ্য বিভাগে চিকিৎসালয়সমূহত পৰ্যাপ্ত বিনামূলীয়া ঔষধ যোগান ধৰি আহিছে যদিও ধিং এফ আৰ ইউত জলাতংক ৰোগৰ বেজী নথকাটো ৰহস্যজনক বিষয় ৷ মৃত শিশুটিৰ পিতৃয়ে ইতিমধ্যে ধিং থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৰ্তমান ৰাজ মেডিকেল নামৰ ফাৰ্মাচীখন বন্ধ ৰখাৰ লগতে কৰ্মচাৰীজন পলাতক বুলি জানিব পৰা গৈছে ৷

You might also like