নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত ছাত্ৰীক অপকৰ্ম কৰি ৰঙাঘৰলৈ পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তি

নিয়মীয়া বাৰ্তা, আগমনি, ২ ডিচেম্বৰ : ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী হ’ল ৫০ ঊৰ্ধ্বৰ কমলাকান্ত ৰায় ওৰফে কমলা। ঘটনাটো সংঘটিত হয় ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ টোকেৰেচৰা গাঁৱত।

কালি আবেলি বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ বাটত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক বাটত আগচি ধৰি কু-কৰ্ম কৰে বুলি জানিব পৰা গৈছে । কিশোৰীগৰাকীয়ে কান্দি কান্দি ঘৰত গৈ সকলো কথা কোৱাৰ পিছতে পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত খবৰ দিয়ে।

গোলকগঞ্জ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে ৰাইজৰ সহযোগত নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলাক আটক কৰি থানালৈ আনে। নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলা গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা প্ৰথম খণ্ডৰ ভূপেন্দ্ৰ ৰায়ৰ পুত্ৰ। ইতিমধ্যে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

You might also like