নিয়মীয়া বাৰ্তা, কলিয়াবৰ, ২ ডিচেম্বৰ : কলিয়াবৰৰ সোণাৰি চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচীৰে অখিল গগৈৰ পুত্তলিকা দাহ কৰি চাহ শ্ৰমিকসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে চৰকাৰে বাগিচা শ্ৰমিকসকলক ভূমি পট্টা দিয়াক লৈ বিধায়ক অখিল গগৈয়ে বিৰূপ মন্তব্য কৰাৰ পাছৰে পৰা বাগিচাই বাগিচাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাত আজি কৰ্মৰত মহিলা শ্ৰমিকসকলে অখিল গগৈৰ পুত্তলিকা দাহ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ।
এই সংক্ৰান্তত শ্ৰমিক নেতা বিন্দু গঞ্জুৱে সংবাদ মাধ্যমক কয় যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অতি ঘৃণনীয় কাম কৰিছে । চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াক লৈ তেওঁৰ বিৰূপ মন্তব্যত চাহ শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অদূৰ ভৱিষ্যতে নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । যদি প্ৰৱেশ কৰে তেন্তে ভয়াৱহ পৰিৱেশ সৃষ্টি হ’ব বুলিও চাহ শ্ৰমিক নেতাজনে সকীয়াই দিয়ে।