ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রা-ৰ মূল্য ৯০.১১ টকালৈ হ্রাস
বিদেশী বিনিয়োগ এইদৰে ভাৰতৰ বজাৰত হ্রাস পাই অহাৰ লগে লগে টকাৰ দৰৰো ক্রমশঃ পতন ঘটিব ধৰিছে
অৱশেষত আশংকাই সঁচা হ’ল৷ বিশ্বৰ বিনিয়োগকাৰীসকলে দেশৰ বজাৰৰ পৰা জমা পুঁজি প্রত্যাহাৰ কৰাৰ পৰিণতিত নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ৷ ডলাৰৰ নিৰিখত ধাৰাবাহিকভাৱে পতন অব্যাহত থকাত বুধবাৰে ভাৰতীয় মুদ্রাৰ দাম কমি হয়গৈ ৯০.১১ টকা৷ যিটো টকাৰ মূল্য পতনৰ ক্ষেত্রত সর্বকালৰ অভিলেখ হিচাপে চিহ্ণিত হৈছে৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে বৈদেশিক মুদ্রাৰ বজাৰত স্থিতিশীল হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই টকাৰ৷
উল্লেখ্য যে পৰহি টকাৰ দৰ এক ডলাৰৰ বিপৰীতে ৪২ পইচা হ্রাস পাই ৮৯.৯৫ টকা হৈছিল৷ এই ধাৰাবাহিকতা অব্যাহত থাকি কালি বজাৰ খোলাৰ পাছতে পুৱা ১০ বজাত ডলাৰৰ তুলনাত পুনৰ ১৫ পইচা হ্রাস পায়৷ এক কথাত ক’বলৈ গ’লে কালি টকাৰ দৰ সর্বকালৰ সর্বনিম্ন হৈ পৰে৷
ইয়াতে প্রশ্ন উঠিছে– ভাৰতীয় মুদ্রাৰ মূল্য কিয় এনেদৰে নিম্নগামী হৈ পৰিছে? শ্বেয়াৰ বজাৰত একাংশ বিশেষজ্ঞৰ মতে, বাণিজ্য–অর্থনীতিসহ বিভিন্ন কাৰণত কোনেও দীর্ঘদিন বিনিয়োগ কৰিবলৈ সাহস কৰিব পৰা নাই৷
ইয়াতে আকৌ ৰামটাঙোন শোধাইছে বিশ্ব বজাৰৰ অস্থিৰতাই৷ একাংশ অর্থনীতিবিদৰ মতে, আকৌ টকাৰ পতন কোনো আশ্চর্যকৰ ঘটনা নহয়৷ কিন্তু যি হাৰত পতন ঘটিছে, সেয়া অপ্রত্যাশিত৷ মন কৰিবলগীয়া কথাটো হ’ল– দুর্বল টকাৰ কাৰণে হ্রাস পাইছে ৰপ্তানি আয়৷ ইয়াৰ বিপৰীতে আমদানি ব্যয় বৃদ্ধি হৈছে৷
বিশেষকৈ অপৰিশোধিত তেল, ইলেক্ট্র’নিকছ আৰু শিল্প পণ্যৰ ক্ষেত্রত৷ সেইদৰে বিদেশী ঋণপ্রাপ্ত সংস্থাসমূহৰ ঋণৰ খৰচ ক্রমশঃ বাঢ়ি গৈছে৷ যাৰ বিৰূপ প্রভাৱ পৰিব পাৰে দেশৰ অর্থনীতিত৷ ইতিমধ্যে আর্থিক ক্ষেত্রত সাংঘাতিক ধৰণে অনিশ্চয়তাৰ প্রভাৱ পৰিছে শ্বেয়াৰ আৰু মুদ্রাত৷ তদুপৰি ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি সন্দর্ভত কোনো ঘোষণা নোহোৱাৰ বাবেও টকাৰ মূল্য হ্রাস পোৱা বুলি কোৱা হৈছে৷
বিদেশী বিনিয়োগকাৰী সংস্থাসমূহে ভাৰতত শ্বেয়াৰ বিক্রী কৰি ডলাৰত বিনিয়োগ কৰিবলৈ উৎসাহী৷ যাৰ কাৰণে শ্বেয়াৰ বজাৰৰ সূচকো হৈ পৰিছে নিম্নগামী৷ বিদেশী বিনিয়োগ এইদৰে ভাৰতৰ বজাৰত হ্রাস পাই অহাৰ লগে লগে টকাৰ দৰৰো ক্রমশঃ পতন ঘটিব ধৰিছে৷
বজাৰৰ এনে অৱস্থালৈ চাই বহু বিশেষজ্ঞই স্পর্শকাতৰ বিষয়টোত ভাৰতীয় ৰিজার্ভ বেংকৰ হস্তক্ষেপ দাবী কৰিছে৷ তেওঁলোকৰ মতে, পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত ভাৰতীয় ৰিজার্ভ বেংকে হস্তক্ষেপ কৰাটো অতি জৰুৰী৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ডলাৰৰ তুলনাত টকাৰ পতন অব্যাহত থকাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ সঞ্জয় মালহোত্রাই কৈছিল যে বজাৰত যোগান আৰু চাহিদাৰ অংকই ইয়াৰ মূল কাৰণ৷ কিন্তু ইয়াৰ পাছতো টকাৰ পতনত হস্তক্ষেপ কৰিবলৈ আগ্রহ প্রকাশ কৰা নাছিল ভাৰতীয় ৰিজার্ভ বেংকে৷
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ