নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ঐতিহাসিক ৰায়যোগে মাতৃহ/ন্তা/ক যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্ৰেক আদালতে এক ঐতিহাসিক ৰায়যোগে ৩ বছৰৰ মূৰত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।

অতিৰিক্ত ন্যায়াধীশ এ এম মহম্মদ মহিউদ্দনৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্ৰেক আদালতে অপৰাধীটোক যাৱজ্জীৱন কাৰাদণ্ড প্রদান কৰে । চৰকাৰী অধিবক্তা এন কে মিশ্ৰই জনায় যে বিগত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মিছামাৰী খানৰ অন্তৰ্গত মাদাও ব্ৰহ্ম নামৰ এগৰাকী যুৱকে নিজ মাতৃক হত্যা কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগৰাত ৰাখিছিল। মিশ্ৰই জনায় যে ব্ৰহ্মই নিজ মাতৃক কোনো কথাত অগ্নিশর্মা হৈ এখন কুঠাৰেৰে ঘপিয়াই ১৬ টুকুৰা কৰি হত্যা কৰিছিল । তাৰ পিছত তেওঁ এই তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে সকলো তথ্য উদ্ধাৰ কৰে আৰু এইসমূহ একত্ৰিত কৰি পৰৱৰ্তী সময়ত তেওঁক জে’ললৈ প্ৰেৰণ কৰে ।

চৰকাৰী অধিবক্তাই জনায় যে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কিন্তু অপৰাধীৰ বয়স কম হোৱা বাবে আদালতে এই সিদ্ধান্ত গ্ৰহণ নকৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। তেওঁ কয় যে অপৰাধী ব্ৰহ্মই আদালততো স্বীকাৰ নকৰিলে কিহৰ কাৰণে তেওঁ মাতৃক তেনেদৰে হত্যা কৰিবলগীয়া হৈছিল।

You might also like