নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যাপুৰত চাঞ্চল্য : পৰকীয়া প্ৰেমৰ বাবেই পত্নীৰ প্ৰেমিকক হ*ত্যা কৰি গাঁতত পুতি থ’লে স্বামীয়ে

নিয়মীয়া বাৰ্তা, নৰ্থ বইটামাৰী, ৪ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং নাচনকুটীত সংঘটিত এক হত্যাকাণ্ডই সমগ্ৰ বিদ্যাপুৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ একেশ্বৰ বৰ্মন নামৰ লোকজনে একে গাঁৱৰে নয়ন বৰ্মন নামৰ যুৱকজনক হত্যা কৰি গাঁতত পুতি থয়। একেশ্বৰ বৰ্মন নামৰ লোকজনে নিজৰ পত্নীৰ লগত যুৱকজনৰ অবৈধ প্ৰেমৰ সন্দেহ কৰিছিল।

জানিব পৰা মতে, হত্যাৰ বলি হোৱা যুৱকজন তিনি দিন পূৰ্বে নিজ ঘৰৰ পৰাই সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত যুৱকজনৰ বিচাৰ-খোঁচাৰ কৰি একো সন্ধান লাভ নকৰাত গাঁওখনৰ একেশ্বৰ বৰ্মন নামৰ লোকজনৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰে।

পৰিয়ালে জনোৱা মতে, আৰক্ষীয়ে কালি নিশা একেশ্বৰক আটক কৰে। আৰক্ষীৰ জেৰাত একেশ্বৰে নয়নক মাতি নি তিনি দিন পূৰ্বে হত্যা কৰি একেশ্বৰৰ ঘৰৰ সমীপতে মৰা চম্পা নৈৰ পাৰৰ খেতিপথাৰত পুতি থয় বুলি জনায়। পিছত আজি পুৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুতি থোৱা গাঁতৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ইপিনে, আৰক্ষীয়ে একেশ্বৰ বৰ্মনৰ লগতে তেওঁৰ পিতৃ আৰু ভাতৃকো আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

You might also like