নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীৰ মৃত্যুঞ্জয় একাডেমীৰ নৱাগত আদৰণী সভা সম্পন্ন

#শিক্ষাবিদ কল্পনাথ ডেকাক মৃত্যুঞ্জয় বঁটা ২০২৫ প্ৰদান

#আজিৰ সমাজত সঁচাক সঁচা বুলি কোৱা মানুহৰ অভাৱ : বীৰেন ডেকা

#ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাৰ লগতে মানুহ হোৱাৰ শিক্ষা দিয়া প্ৰয়োজন : নকুল তালুকদাৰ 

সৰ্থেবাৰী অঞ্চলৰ এগৰাকী শিক্ষাবিদ চিন্তাশীল ব্যক্তি, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ কল্পনাথ ডেকাক আজি মৃত্যুঞ্জয় বঁটা ২০২৫ আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়।

সৰ্থেবাৰীৰ মৃত্যুঞ্জয় একাডেমীৰ নৱাগত আদৰণি সভা আৰু বঁটা বিতৰণি সভাৰ পূৰ্বে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত কল্পনাথ ডেকাক এই বঁটা প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰা হয়। কল্পনাথ ডেকাক বঁটা প্ৰদান কৰাৰ পিছতেই জ্যেষ্ঠ সাংবাদিক তথা অৱসৰী শিক্ষক প্ৰাক্তন ছাত্ৰ নেতা চক্ৰেশ্বৰ  ডেকাৰ সভাপতিত্বত নৱাগত আদৰণি সভা অনুষ্ঠিত হয়।

অঞ্চলটোত গুণগত শিক্ষা প্ৰদান  কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা মৃত্যুঞ্জয় একাডেমিৰ অধ্যক্ষ দুলাল ডেকাই আঁত ধৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ প্ৰগতিশীল লেখক নিৰ্মল হালৈ

মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ বীৰেন ডেকাই ভাষণ প্ৰদান কৰে। সাৱলীল ভাষণ প্ৰদান কৰি বীৰেন ডেকাই কয় আজিৰ সমাজত সঁচাক সঁচা বুলি কোৱা মানুহৰ অভাৱ হৈছে।সামাজিক দায়িত্ববোধ পালন কৰি ষ্পষ্ট ভাৱে কথা কৱলৈ মানুহে সংকোচ কৰা বুলিও  মন্তব্য  কৰে বীৰেন ডেকাই।

একেদৰে পৰিৱৰ্ত্তিত শিক্ষা ব্যৱস্থা মোবাইল ফোনৰ ব্যৱহাৰ সম্পৰ্কতো ভাষণ প্ৰদান কৰে বীৰেন ডেকাই। ইয়াৰ পিছতেই আস্থাজিতা ডেকা আৰু প্ৰাণকৃষ্ণ বৰ্মনে এটা এটি সংগীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীক নম্বৰ সংগ্ৰহ যন্ত্ৰ বা পৰৱৰ্তীকালত ধন ঘটা নহৈ মানুহ হোৱাৰ শিক্ষাৰে শিক্ষিত হৱলৈ আহ্বান জনাই।উদাত্ত ভাষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক নিজৰ লক্ষ্য আৰু উদ্দেশ্যত অটল হোৱাৰ আহ্বান জনোৱাৰ লগতে সামাজিক দায়িত্ববোধ আৰু ভাষা সংস্কৃতিৰ প্ৰতিও দায়িত্বশীল হবলৈ আহ্বান জনায়।

একেদৰে সম্প্ৰতি ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰকৃত মানুহ হোৱাৰ শিক্ষা দিয়াটো সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলিও মন্তব্য প্ৰকাশ কৰে।সভাত বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুধন ডেকাই ভাষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ নৈতিক ভেটি গঢ়া সম্পৰ্কত আলোকপাত কৰে।

অনুষ্ঠানত এইবেলি বিদ্যালয় সমাৰোহত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।অনুষ্ঠানত  শলাগৰ শৰাই আগবঢ়াই শিক্ষয়িত্ৰী নিলাক্ষী শৰ্মাই। ইয়াৰ পিছতেই  বিশিষ্ট  বেহেলা বাদক দুলাল বৈশ্যই বেহেলা বাদনেৰে ছাত্ৰ ছাত্ৰীক আপ্লুত কৰে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ৪ ডিচেম্বৰ

You might also like